Guwahati Traffic Police Issues Advisory for Chhath Puja : ষঠ পূজা উপলক্ষে যান-বাহন চলাচলত ক্ষেত্ৰত নতুন পথ নিৰ্দেশনা
নিউজ ডেস্ক , ১৮ নৱেম্বৰ : ষঠ পূজা উপলক্ষে যান-বাহন চলাচলত ক্ষেত্ৰত নতুন পথ নিৰ্দেশনা । ১৯ নৱেম্বৰ আৰু ২০ নৱেম্বৰত গুৱাহাটীত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত পথ নির্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে(Guwahati Traffic Police Issues Advisory for Chhath Puja) ।
যান-বাহন আৰক্ষীৰ উপ আয়ুক্তই গৃহীত কৰা আনুষ্ঠানিক নিৰ্দেশ অনুসৰি, ১৯ নৱেম্বৰ অৰ্থাত দেওবাৰে দিনৰ ১ বজাৰ পৰা আবেলি পূজা স্থানৰ পৰা ভক্তসকল উভতি নহালৈকে যান-বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে।
২০ নৱেম্বৰ অৰ্থাত সোমবাৰ পুৱা ১ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ হ’ব আৰু সকলো স্থানৰ পৰা ভক্তসকল প্ৰস্থানৰ পিছত শেষ হ’ব।
নিষেধাজ্ঞাসমূহ তলত উল্লেখ কৰা অনুসৰি(Traffic Restrictions Imposed In Guwahati For Chhat Puja Celebrations),
১) এপ’ল’ পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্টৰ মাজৰ এম জি ৰোডৰ অংশত ভক্তক কঢ়িয়াই অনা বাহনৰ বাহিৰে কোনো বাহন চলাচল কৰিব নোৱাৰিব।
২) ভৰলুমুখ ফালৰ পৰা পানবজাৰ আৰু চান্দমাৰী ফালৰ পৰা অহা চিটি বাছকে ধৰি সকলো যান-বাহন এপ’ল’ পইণ্টত টি আৰ পি ৰোড বা এ টি ৰোড হৈ এইচ বি ৰোডৰ দিশে ডাইভাৰ্ট কৰা হ’ব। ইয়াৰ পিছত এন বি হল পইণ্টত এই বাহনসমূহে বাওঁফালে ঘূৰি এফ চি ৰোড, টায়াবুল্লাহ ৰোড আৰু জি এন বি ৰোডৰ মাজেৰে যাব লাগিব(Chhath Puja 2023 Delhi Traffic Police Issues Advisory For Festival; Check Diversions, Routes To Avoid)।
৩) চান্দমাৰী ফালৰ পৰা পানবজাৰ, ভৰলুমুখ আৰু জালুকবাৰী অভিমুখে অহা চিটি বাছকে ধৰি সকলো যান-বাহন টিচি পইণ্টৰ মাজেৰে জিলা পুথিভঁৰাল, আৰ বি আই পইণ্ট, অ’এছিছ পইণ্ট হৈ ডাইভাৰ্ট কৰি তাৰ পিছত পানবজাৰ অভাৰ ব্ৰীজ নৰ্থ পইণ্টত পানবজাৰ অভাৰ ব্ৰীজ চাউথ পইণ্ট বাওঁফালৰ পাক লৈ যাব লাগিব। আৰু এ টি ৰোড হৈ আঠগোৱান উৰণীয়া সেতুৰ ফালে ভৰালুমুখ আৰু জালুকবাৰীলৈ যাত্ৰা কৰিব।
৪) টি চি পইণ্ট ফালৰ পৰা জি এন বি ৰোড হৈ পানবজাৰ আৰু ফেন্সিবজাৰ অভিমুখে লঘু বাহনসমূহ জিলা পুথিভঁৰাল, কে এল বি পথ আৰু এইচ বি পথেৰে ডাইভাৰ্ট কৰিব লাগিব।
৫) উজানবজাৰ, লতাচিল ফালৰ পৰা ভৰালুমুখ ফালৰ পৰা সকলো লঘু বাহন বি চি ৰোড, টায়াবুল্ল্লাহ ৰোড আৰু জি এন বি ৰোড হৈ ডাইভাৰ্ট কৰিব লাগিব।
৬) খানাপাৰাৰ পৰা ভৰালুমুখ, জালুকবাৰী অভিমুখে অহা সকলো চিটি বাছ পানবজাৰ ROB দক্ষিণ পইণ্টৰ পৰা এ টি ৰোডৰ জৰিয়তে ডাইভাৰ্ট কৰা হব।
৭) জালুকবাৰীৰ পৰা অহা আন্তঃজিলা বাছ আৰু এ এছ টি চিৰ অধীনত চলি থকা ৰঙা ৰঙৰ গ্ৰাম্য সেৱা বাছকে ধৰি সকলো গধুৰ বাহন (চিটি বাছ আৰু ভক্ত কঢ়িয়াই অনা বাহনৰ বাহিৰে) নগৰত প্ৰৱেশ কৰিব নোৱাৰিব। এই আটাইকেইখন বাহন জালুকবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডাইভাৰ্ট কৰা হ’ব।
৮) একেদৰে জালুকবাৰী, লখৰা, গড়চুক আৰু ছয়মাইলৰ পৰা ১৯ আৰু ২০ তাৰিখে ট্ৰাকৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব।
৯) এইচ বি ৰোডৰ ষ্ট্ৰেচত, ছানি মন্দিৰৰ পৰা পানবজাৰ পুলিচ পইণ্টলৈকে পূজাৰ সময়ত দুয়োফালে যাতায়তৰ অনুমতি থাকিব।
ইফালে বাহনৰ পাৰ্কিংৰ ক্ষেত্ৰটো নতুন নিৰ্দেষনা জাৰি কৰিছে
১) ভৰলুমুখ ফালৰ পৰা ভক্ত কঢ়িয়াই অনা বাহনসমূহে এম জি ৰোডৰ পৰা এপ’ল’ পইণ্টৰ পৰা এফ এ ৰোড আৰু এম জি ৰোড ক্ৰছিং, টি আৰ পি ৰোড, লখিম গ’লী, চেম্বাৰ্ছ ৰোড, এম এছ ৰোড আৰু এছ আৰ চি বি ৰোডলৈ গাড়ী ৰখাব পাৰিব।
২) সোণাৰাম এইচ এছ স্কুল ঘাটত সকলো বাহন পথাৰৰ ভিতৰত ৰখাব লাগিব।
আনহাতে পাৰ্কিং জ’নৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে
১/ এ টি ৰোড, ভৰালুমুখৰ পৰা পানবজাৰ অভাৰ ব্ৰীজ চাউথ পইণ্টলৈ ১৯ তাৰিখৰ পুৱা ৭.০০ বজাৰ পৰা ৰখাই থোৱা বাহনৰ পৰা আঁতৰাই ৰখা হ’ব।
২) এম এল এন ৰোড, এ আৰ বি ৰোড, এছ এছ ৰোড, এছ আৰ চি বি ৰোড আৰু এইচ বি ৰোডত টি আৰ পি ৰোডত বাহন পাৰ্কিং কৰিব নোৱাৰিব।
৩) টি আৰ পি ৰোড, লখি গলি, চেম্বাৰ্ছ ৰোড, এছ আৰ চি বি ৰোড, কেদাৰ ৰোড, এম.এছ. ১৯ তাৰিখৰ পুৱা ৭.০০ বজাৰ পৰা ভক্তৰ বিদায় পৰ্যন্ত পথ আদি।