Israeli troops kill 5 Palestinians : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত(Israeli troops kill 5 Palestinians) । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।
বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে(Israeli troops kill 5 Palestinians as West Bank violence surges)।
ইজৰাইল-হামাছৰ যুদ্ধৰ প্ৰায় এমাহৰ পিছতো ইজৰাইলে ধাৰাবাহিকভাৱে হামাছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে।
প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে ইজৰাইলী বাহিনীৰ আক্ৰমণত গাজাৰ ৱেষ্ট বেংকত ৩ সন্ত্ৰাসবাদীসহ ৫ জন পেলেষ্টাইনী নিহত হয় । বৰ্তমনালৈ ৱেষ্ট বেংকত নিহত হোৱা পেলেষ্টাইনীৰ সংখ্যা ২০৫ লৈ বৃদ্ধি পাইছে । ২০০০ চনৰ দ্বিতীয় পেলেষ্টাইনী বিদ্ৰোহৰ পাছত এই অঞ্চলটো আটাইতকৈ ভয়ংকৰ পৰিস্থিতিৰ মাজত আছে (Israeli troops kill 5 Palestinians, including 3 militants, as West Bank violence surges )।
ইজৰাইলে দাবী কৰিছে যে তেওঁলোকৰ এই অভিযানৰ লক্ষ্য হৈছে গাজাৰ শাসকীয় হামাছ আৰু পশ্চিম তীৰত সক্ৰিয় অন্যান্য সন্ত্ৰাসবাদী সংগঠন । কিন্তু গাজাৰ নেতৃত্বাধীন গোটে দাবী কৰা মতে ই হৈছে এক ইজৰাইলী কৌশল ।
উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ইজৰাইলৰ সামৰিক বাহিনীয়ে ট্ৰাক আৰু বুলড’জাৰ লৈ জেনিন শৰণাৰ্থী শিবিৰত প্ৰৱেশ কৰে আৰু কেইবাটাও অট্টালিকাৰ ওপৰত স্নাইপাৰ স্থাপন কৰে । হামাছ সন্ত্ৰাসবাদীৰ সৈতে ইজৰাইলৰ সামৰিক বাহিনীৰ গুলীয়াগুলিও হয় আৰু ইজৰাইলৰ এখন যুদ্ধ বিমানে সন্ত্ৰাসবাদীসকলক লক্ষ্য কৰি লয়। ইজৰাইলী সামৰিক বাহিনীয়ে দাবী কৰা মতে ইয়াৰ ফলত ৩ সন্ত্ৰাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদীকেইটা ইছলামিক জিহাদ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি জানিব পৰা গৈছে ।
ইয়াৰ বিপৰীতে পেলেষ্টাইনী স্বাস্থ্য বিষয়াসকলে দাবী কৰিছে যে এই আক্ৰমণত প্ৰায় ১৫গৰাকী লোক আহত হৈছে। ৪ জনৰ অৱস্থা অতি গুৰুতৰ বুলিও উল্লেখ কৰা হৈছে। আহতসকলক চিকিৎসালয়লৈ অনা হয় যদিও ইজৰাইলী বাহিনীয়েও অনুসৰণ কৰে আৰু চিকিৎসালয়ত উপস্থিত হয় । চিকিৎসালয়খনৰ চিকিৎসকৰ মতে ইজৰাইলী বাহিনীয়ে তেওঁলোকক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰিছিল ।