Local, Vocal, Global

Encounter in Nagaon : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

নগাঁও, ১৬ নৱেম্বৰ : পুনৰ আৰক্ষীৰ গুলীচালনা । এইবাৰ ডকাইতক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ।

নগাঁৱৰ জুৰীয়াত সংঘটিত হৈছে এই ঘটনা । বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত নগাঁৱত সংঘটিত হয় আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়া গুলী(Encounter in Nagaon) ।

উল্লেখ্য যে বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষী আৰু ডকাইতক মাজত প্ৰচণ্ড গুলীয়াগুলী হয় । আৰক্ষীলৈ লক্ষ্য কৰি ডকাইতে নিক্ষেপ কৰিছিল গুলী । সেই সময়তে আৰক্ষীয়ে গুলীচালনা কৰে আৰু আৰক্ষীৰ গুলীত আহত ৰাজু আহমেদ নামৰ এটা দুৰ্ধৰ্ষ ডকাইত ।

জানিব পৰা মতে, বুধবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান । আৰক্ষীৰ অভিযানৰ সময়তে ৰাজু আহমেদে আৰক্ষীলৈ লক্ষ্য কৰি নিক্ষেপ কৰিছিল গুলী । ডকাইতৰ গুলীত প্ৰত্যুত্তৰত আৰক্ষীৰ দলটোৱে গুলীচালনা কৰে । আৰক্ষীৰ গুলীচালনাত ভৰিত গুলী লাগে দুৰ্ধৰ্ষ ডকাইত ৰাজু আহমেদৰ ।

আৰক্ষী অধীক্ষক নবনীত মহন্তৰ জনোৱা মতে, ৰাজু আহমেদে প্ৰথমে আক্ৰমণ চলাইছিল আৰু তাৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত আহত হয় ডকাইতটো। ৰাজু আহমেদৰ পৰা এটা পিষ্টলসহ সজীৱ গুলি কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, আহত ৰাজু আহমেদৰ সোঁভৰিত গুলী লাগিছে। আহত যুৱকজন বৰ্তমান নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, বুধবাৰে আটক কৰা ৰাজু আহমেদৰ ডকাইটি দলৰ বাকী সদস্য এতিয়াও পলাতক অৱস্থাত আছে।

লগতে পঢ়ক :Bura Chapori Wildlife Sanctuary : উচ্ছেদৰ পাছত বুঢ়াচাপৰিৰ বাবে ভাল খৱৰ