Local, Vocal, Global

39 Myanmar Junta Members Captured : মিজোৰাম-ম্যানমাৰ সীমান্তত আকাশমাৰ্গেৰে আক্ৰমণ বাৰ্মিজ সেনাৰ ; আৰক্ষীৰ জিম্মাত ৩৯ গৰাকী ম্যানমাৰৰ সেনা জোৱান

নেশ্যনেল ডেস্ক, ১৪নৱেম্বৰ : মিজোৰামৰ সীমান্তত যুদ্ধসদৃশ পৰিৱেশ। মিজোৰাম-ম্যানমাৰ সীমান্তত আকাশমাৰ্গেৰে আক্ৰমণ বাৰ্মিজ সেনাৰ । ম্যানমাৰৰ বিদ্ৰোহী গোটলৈ লক্ষ্য কৰি আক্ৰমণ অব্যাহত ৰাখিছে ম্যানমাৰৰ সামৰিক বাহিনী জুণ্টাই। ম্যানমাৰৰ চৰকাৰী বিৰোধী পিপুলছ ডিফেন্স ফ’ৰ্চ চমুকৈ PDF আৰু বাৰ্মিজ সেনাৰ সংঘৰ্ষত আহত হৈছে প্ৰায় ১৫জন লোক(39 Myanmar Junta Members Captured)। আহত সকলৰ ভিতৰত আছে PDFৰ লগত CDF,CNAৰ কেডাৰ। আহতসকলক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চামফাই জিলা চিকিৎসালয়ত। আকাশমাৰ্গেৰে আক্ৰমণ চলোৱাৰ লগতে মিজোৰাম ম্যানমাৰ সীমান্তত চলিছে গুলীবৰ্ষণ(39 Myanmarese Army personnel taken into police custody in Mizoram amid clashes)।

উল্লেখ্য যে, ভাৰত ম্যানমাৰ সীমান্তত জোখাওথাৰত সোমবাৰে ম্যানমাৰৰ সেনা আৰু বিদ্ৰোহীৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে ৩৯ গৰাকী ম্যানমাৰৰ সেনা জোৱানসহ প্ৰায় ৫ হাজাৰ শৰণাৰ্থীয়ে মিজোৰামৰ চম্পাই জিলাত প্ৰৱেশ কৰে । অৱশ্যে মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ সেনা জোৱানক ইতিমধ্যে মিজোৰাম আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে(39 Myanmar junta members captured in Mizoram) ।

প্ৰাপ্ত তথ্য অনুসৰি , সোমবাৰে পুৱা কাচিন স্বতন্ত্ৰ সেনা , চিন ৰাষ্ট্ৰীয় সেনা আৰু চিন প্ৰতিৰক্ষা বাহিনী বিদ্রোহী গোটে যৌথভাৱে ৰিহখোৱাদাৰ আৰু খোৱামাৱীত ম্যানমাৰ জুন্টা সেনা বেৰেকৰ লামিন দ্য কাপলেট ভে আ নামৰ শিবিৰত গুলীচালনা কৰে । ইয়াৰ পিছত ম্যানমাৰৰ যুদ্ধ বিমান আৰু হেলিকপ্টাৰে ৰিহখোৱাদাৰ আৰু খোৱামাৱীত দুবাৰকৈ ভয়ানক বোমা বিস্ফোৰণ সংঘটিত কৰে (39 Myanmarese Army personnel taken into police custody)।

আনহাতে শৰণাৰ্থীক আহাৰ দিবলৈ যোৱা জোখোৱাথাৰ এগৰাকী ৫১ বছৰীয়া শৰণাৰ্থীৰ চকুত গুলীচালনা কৰে ম্যানমাৰৰ বিদ্ৰোহীয়ে । এবছৰ ধৰি মিজোৰামৰ সীমান্তৱৰ্তী জিলাৰ এটা শিবিৰত থকা এজন ম্যানমাৰীয় শৰণাৰ্থীও ম্যানমাৰ সেনাৰ দ্বাৰা নিক্ষেপ কৰা আৰপিজিৰ পৰা এটা স্প্লিণ্টাৰৰ দ্বাৰা নিহত হয় যিটো ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। নিহত শৰণাৰ্থীজনক চুংথিয়ানমাৱিয়া (৫১) বুলি চিনাক্ত কৰা হৈছে।

এই ঘটনা সংঘটিত হোৱাৰ পাছত মুঠ সোতৰজন কেআইএ আৰু চিডিএফ আহতক মিজোৰামলৈ অনাৰ ওপৰি ৫জন আহতক ৰাজধানী আইজললৈ লৈ যোৱা হৈছে । আহতসকলক জোখোৱাথাৰৰ মাৰ্চি মেডিকেল হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হয় আৰু পাচত তেওঁলোকক চম্পাই জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । ইফালে খোৱামাৱী আৰু ইয়াৰ আশে-পাশে থকা গাঁৱৰ পৰা প্ৰায় ৫ হাজাৰ শৰণাৰ্থীয়ে ৩৯ গৰাকী ম্যানমাৰৰ জুন্টা সেনাৰ লগত চম্পাই জিলাত প্ৰৱেশ কৰে( 39 Myanmarese Army personnel taken into police custody amid clashes) ।

লগতে পঢ়ক : Uttarkashi Silkyara Tunnel Accident : ভয়ংকৰ ভূমিস্খলনত আৱদ্ধ অসমৰ দুই যুৱক