Uttarkashi Silkyara Tunnel Accident : ভয়ংকৰ ভূমিস্খলনত আৱদ্ধ অসমৰ দুই যুৱক
নেশ্যনেল ডেস্ক, ১৪ নৱেম্বৰ : দীপাৱলীৰ দিনাই উত্তৰাখণ্ডৰ যমুনোত্ৰী ঘাইপথত নিৰ্মাণৰত সুৰংগত সংঘটিত হৈছিল এক অঘটন। উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছিল ভূমিস্খলনৰ (Uttarkashi Silkyara Tunnel Accident) ৷
১২ নৱেম্বৰত উত্তৰাখণ্ডত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনা ফলত সুৰংগ পথৰ ভিতৰত আবদ্ধ হৈ পৰিছিল প্ৰায় ৪০ গৰাকীকৈ শ্ৰমিক। ভয়ংকৰ ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ ভিতৰত অসমৰো ২জন লোক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে(Family Members Urge Government Appeal As 2 Out Of 40 Workers From Assam Remain Trapped In Uttarakhand Tunnel) ।
ভূমিস্খলন ফলত আৱদ্ধ হৈ পৰা শ্ৰমিক দুজন কোকৰাঝাৰৰ ৰামফল বিলৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী বুলি জানিব পৰা গৈছে(Uttarkashi Silkyara Tunnel accident)।
বৰ্তমানলৈ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰীৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে।আৱদ্ধ পুত্ৰৰ বিষয়ে তথ্য বিচাৰি হাহাকাৰ কৰিছে পৰিয়াল লোকে। অৱশ্যে একে স্থানতে কৰ্মৰত সঞ্জয় বসুমতাৰীৰ ভাতৃ ৰকেট বসুমতাৰীৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে পৰিয়ালৰ লোক। সৌভাগ্যক্ৰমে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সুৰংগৰ বাহিৰত আছিল ৰকেট বসুমতাৰী।
লগতে পঢ়ক : Guwahati’s Spirited Diwali Celebration: দীপাৱলীৰ মাজত ৬.৮ কোটি টকাৰ সুৰা বিক্ৰী