Voting To Be Held Again In Aizawl South-III Constituency : শুকুৰবাৰে পুনৰ আৰম্ভ হ’ব মিজোৰামৰ দক্ষিণ-তৃতীয় সমষ্টিৰ ভোটগ্ৰহণ

নেশ্যনেল ডেস্ক, ৯নৱেম্বৰ : মঙলবাৰে শান্তিপূৰ্ণভাৱে সমাপ্ত হ’ল মিজোৰাম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৮,৫১,৮৯৫গৰাকী ভোটাৰে ভোটদান কৰি ২৭৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিলে (Mizoram Assembly Elections 2023)।
উল্লেখ্য যে, মঙলবাৰে ৰাজ্যখনত মুঠ ৮,৫১,৮৯৫ জন ভোটাৰে ভোটদান কৰি (৪,১২,০৬২ জন পুৰুষ, ৪,৩৯,০২৬ গৰাকী মহিলা আৰু ৪,৯৭৫ জন সেৱা ভোটাৰে) ২৭৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিলে৷
নিৰ্বাচন আয়োগে নিৰ্দেশ অনুসৰি, শুকুৰবাৰে পুনৰ আৰম্ভ হ’ব মিজোৰামৰ আইজল দক্ষিণ-তৃতীয় সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ (Voting To Be Held Again In Aizawl South-III Constituency) ।
নিৰ্বাচন আয়োগৰ বিষয়াসকলে কোৱা অনুসৰি , মঙলবাৰে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটগ্ৰহণকাৰীয়ে মক প’ল ক্লিয়াৰ নকৰাৰ বাবে পুনৰ ভোটদানৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁলোকে কয়(Mizoram assembly polls: Voting to be held again in Aizawl South-III constituency)।
প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত মুয়ালুংথু ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
বিষয়াসকলে জনোৱা অনুসৰি, ৫৪৮গৰাকী মহিলা ভোটাৰকে ধৰি মুঠ ১০৮৪গৰাকী নিৰ্বাচকে ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ফ্ৰেঞ্চাইজি ব্যৱহাৰ কৰাৰ যোগ্যতা অৰ্জন কৰিছে।
উল্লেখ্য যে, মঙলবাৰে শান্তিপূৰ্ণভাৱে সম্পন্ন হয় মিজোৰামৰ বিধানসভা নিৰ্বাচন আৰু ৮.৫৭ লাখ নিৰ্বাচকৰ ভিতৰত ৭৭ শতাংশতকৈ অধিক ভোটাৰে ভোটদান কৰে(Voting to be held again at one polling station in Aizawl South-III constituency)।