Local, Vocal, Global

Man Lynched In Cachar District By Drunk Mob : সুৰাৰ ৰাগিত মাতাল হৈ ভয়ংকৰ কাণ্ড

নিউজ ডেস্ক, ৯নৱেম্বৰ : এক চাঞ্চল্যকৰ ঘটনা (In a shocking incident)। সুৰাৰ ৰাগিত মাতাল হৈ ভয়ংকৰ কাণ্ড । সুৰামত্ত হৈ পাঁচজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে এজন যুৱকক । দলবদ্ধ আক্ৰমণত মৃত্যু যুৱকজনৰ ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে কাছাৰৰ লক্ষীপুৰ বড়মামদা গাঁৱত । কাছাৰৰ লক্ষীপুৰ বড়মামদা গাঁৱত সুৰামত্ত পাঁচ যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণ কৰে এজন যুৱকৰ । নিহত যুৱকজন কৃষ্ণধন সিংহ বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ ঘৰ সোণাইৰ কাপ্তানপুৰত(Man Lynched In Cachar District By Drunk Mob)।

জানিব পৰা মতে, মঙলবাৰে নিশা কৃষ্ণধন সিংহ আৰু তেওঁৰ এজন সহপাঠীয়ে লক্ষীপুৰ ফুলেৰতলস্থিত এক সুৰাৰ আড্ডালৈ গৈছিল । সুৰাৰ আড্ডাতে পাঁচজন যুৱকৰ লগত কিবা এটা বিষয়ক লৈ কৃষ্ণধন সিংহৰ কাজিয়াৰ সুত্ৰপাত হয় । তাৰ পিচতে স্থানীয় একাংশ লোকৰ হস্তক্ষেপত ঘটনাৰ মীমাংসা হয় ৷ স্থানীয় লোকে কৃষ্ণধন সিংহ আৰু তেওঁৰ বন্ধুক আক্তাৰ হুছেইনক ঘৰলৈ যাবৰ বাবে পৰামৰ্শ দিয়ে ।

স্থানীয় লোকসকলৰ পৰামৰ্শমতে কৃষ্ণধন আৰু তেওঁৰ বন্ধু আক্তাৰ হুছেইনে নিজ চাৰিচকীয়া বাহনেৰে যোৱাৰ সময়তে পাঁচ যুৱকৰ মাজত এজনৰ গাত বাহনৰ অলপ লাগি যায় ৷ আৰু এই কাৰ্যত যুৱক পাঁচজন ক্ষোভিত হৈ পৰে । তাৰ পিচতে পাঁচজন যুৱকে কৃষ্ণধনৰ বাহনখনক খেদি লৈ গৈ বড়মামদা অঞ্চলত ৰখায় । বাহনখনৰ পৰা কৃষ্ণধনক নমাই সুৰামত্ত পাঁচ যুৱকে চোকা অস্ত্ৰৰে দলৱদ্ধভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । পাঁচ যুৱকৰ হাতৰ পৰা পলাই যাবলৈ সক্ষম হয় কৃষ্ণধনৰ বন্ধু আক্তাৰ হুছেইন( a man was allegedly lynched to death by five intoxicated individuals in Cachar district of Assam) ।

এই ঘটনাৰ খবৰ পাই তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় লক্ষীপুৰ আৰক্ষীৰ এটা দল ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পাঁচ যুৱকক আটক কৰে ৷ লগে লগে আৰক্ষীয়ে ৰক্তাক্ত অৱস্থাত কৃষ্ণধন সিংহক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে যদিও কৰ্তব্যৰত চিকিৎসকৰ দলে তেওঁক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাৰ লগত জড়িত পাঁচ যুৱকক আৰক্ষীয়ে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে ৷

অৱশ্যে তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে সংবাদ মাধ্যমৰ ওচৰত অভিযুক্ত পাঁচ যুৱকৰ নাম প্ৰকাশ কৰা নাই । এই হত্যাকাণ্ডৰ লগত আন কিবা ৰহস্যও থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীৰ তদন্ততহে সবিশেষ পোহৰলৈ আহিব ৷

লগতে পঢ়ক : PM Modi At Rally In Poll Bound Madhya Pradesh : প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনীয় প্ৰচাৰ সভাত কংগ্ৰেছক আক্ৰমণ