Woman Trafficking :ৰাজ্যত পুনৰ নাৰী সৰবৰাহকাৰীৰ ঘটনা
কলগাছিয়া, ৯নৱেম্বৰ : ৰাজ্যজুৰি নাৰীজনিত অপৰাধৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হৈছে । ৰাজ্যত সক্ৰিয় ৰূপত নাৰী সৰবৰাহকাৰী(Woman Trafficking)।
ৰাজ্যত পুনৰ নাৰী সৰবৰাহকাৰীৰ ঘটনা । এইবাৰ মহিলা অপহৰণ চেষ্টা তিনি লম্পটৰ । তিনি লম্পটে মহিলা অপহৰণ কৰি নাৰী সৰবৰাহত নামিছে ।
এই ঘটনা সংঘটিত হৈছে কলগাছিয়াত। কলগাছিয়াত বলপূৰ্বকভাৱে এগৰাকী মহিলাক অপহৰনৰ চেষ্টা কৰি ৰাইজৰ ৰোষত পৰে তিনি নাৰী সৰবৰাহকাৰী ।
ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে কলগাছিয়া থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে(Woman Trafficking in Assam) ।
বৰ্তমান কলগাছিয়াৰ ৰুভী গাঁৱত অপহৰণৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।
স্থানীয় ৰাইজে আটক কৰা ধৃত লোককেইজনক আৰক্ষীক গটাই দিয়ে । ইফালে ভুক্তভোগী মহিলাগৰাকীক বৰপেটা আসামৰিক চিকিৎসায়লৈ প্ৰেৰণ কৰে । ভুক্তভোগী মহিলা গৰাকীয়ে চোকা অস্ত্ৰৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় । বৰ্তমান মহিলাগৰাকী জীৱন মৃত্যুৰে যুজি আছে চিকিৎসালয়ত ।
জানিব পৰা মতে, এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আফজাল ঘটনাস্থলীৰ পৰাই পলায়ন কৰে ।