Jammu and Kashmir: পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ
নেশ্যনেল ডেস্ক, ৯নৱেম্বৰ : পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ(Jammu and Kashmir) । বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ানৰ কাতোহলান অঞ্চলত সংঘৰ্ষৰ সূত্ৰপাত হয় সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ ।
জানিব পৰা মতে এই সংঘৰ্ষৰ ফলত নিৰাপত্তাৰক্ষীৰ গুলীত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰন্ট চমুকৈ টিআৰএফৰ এটা সন্ত্ৰাসবাদী নিহত হয় ।
কাশ্মীৰ মণ্ডল আৰক্ষীৰ তথ্য অনুসৰি,নিহত সন্ত্ৰাসবাদীটোৰ পৰা অস্ত্ৰ-শস্ত্ৰকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে । নিৰাপত্তাৰক্ষীৰ দলে বৰ্তমান নিহত সন্ত্ৰাসবাদীটোৰ আন সহযোগীসকলক বিচাৰি অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে(TRF Terrorist Killed In Encounter With Security Forces In J&K`s Shopian) ।
প্ৰাপ্ত তথ্য অনুসৰি, জম্মু-কাশ্মীৰ কাটোহলান অঞ্চলত নিৰাপত্তাৰক্ষীয়ে টি আৰ এফ সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰে(TRF terrorist killed in encounter with security forces in Shopian) ।
এই গোপন তথ্য লাভ কৰাৰ পিছতেই নিৰাপত্তাৰক্ষীৰ এটা দলে জম্মু-কাশ্মীৰ কাটোহলান অঞ্চলটোত ঘেৰাও কৰি তালাচী অভিযান চলায় । নিৰাপত্তাৰক্ষীৰ এই তালাচী অভিযানৰ সময়তে অঞ্চলটোত আবদ্ধ হৈ থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে(Terrorist Killed In Encounter With Security Forces In Kashmir’s Shopian) ।
লগে লগে নিৰাপত্তাৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰ সন্ত্ৰাসবাদীলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ নিৰাপত্তাৰক্ষীৰ এই গুলীচালনাত এটা সন্ত্ৰাসবাদী নিহত হয় ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই নিৰাপত্তাৰক্ষী গুলীত নিহত হোৱা সন্ত্ৰাসবাদীটোৰ পৰিচয় ।
আৰক্ষীয়ে জনোৱা অনুসৰি , নিহত সন্ত্ৰাসবাদীটোৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে । সন্ত্ৰাসবাদীৰ দলটোৱে কোনো বৃহৎ আক্ৰমণৰ পৰিকল্পনা কৰাৰ সন্দেহ কৰিছে নিৰাপত্তা বাহিনীয়ে(Terrorist killed in encounter with security forces in Jammu and Kashmir’s Shopian, search operation underway) ।
এই গুলীচালনাৰ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে । সমান্তৰালভাৱে অঞ্চলটোত তালাচী অভিযানো চলোৱা হৈছে । নিহত সন্ত্ৰাসবাদীটোৰ সহযোগীসকলে অঞ্চলটোত আত্মগোপন কৰি থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ইফালে চোৰাংচোৱাৰ সহায়ত আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ দলটোৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।