Air pollution in Delhi : বায়ু প্ৰদূষণৰ পৰা লক্ষ্য ৰাখি ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ বন্ধ থাকিব বিদ্যালয়

নেশ্যনেল ডেস্ক, ৮নৱেম্বৰ : ৰাজধানী দিল্লীত ভয়াৱহ ৰূপত বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণৰ পৰা লক্ষ্য ৰাখি দিল্লীৰ বিদ্যালয়ৰ বন্ধৰ ঘোষণা । দিল্লীৰ বিদ্য়ালয়সমূহৰ বন্ধৰ দিন বৃদ্ধি । ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ বন্ধ থাকিব দিল্লীৰ বিদ্য়ালয়সমূহ(Air pollution in Delhi) ।
উল্লেখ্য যে , ৰাজধানী দিল্লীত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে প্ৰদূষণ । দিল্লীৰ ভিন্ন প্ৰান্তত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰদূষণৰ বাবে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ একাংশৰ। ব্যাপকভাৱে বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ বাবে দিল্লী চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰ বিদ্যালয়ৰসমূহৰ ছুটী ডিচেম্বৰৰ পৰিবৰ্তে ৯ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ হ’ব । দিল্লীৰ শিক্ষা বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা । অৱশ্যে বিদ্যালয়সমুহত বন্ধৰ সময়ত অব্যাহত থাকিব অনলাইন পাঠদান(Delhi govt announces early winter break in schools amid severe air pollution) ।
দিল্লীৰ চাৰিওদিশে এতিয়া ধুঁৱলি-কুঁৱলী পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াত দিনৰ ভাগতে লাইট জ্বলাই বাহন চলাবলগীয়া অৱস্থা হৈছে। প্ৰদূষণৰ মাত্ৰা অত্যধিক হোৱা বাবে দিল্লীবাসীয়ে মাস্ক পৰিধান কৰিও যেন সকাহ পোৱা নাই।
দিল্লীত প্ৰচলিত বায়ুৰ গুণাগুণৰ ভয়াৱহ পৰিস্থিতিৰ বাবে GRAP-IV (Graded Response Action Plan) ব্যৱস্থা ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। শীতকালীন ছুটীৰ পৰিবৰ্তে বায়ু প্ৰদূষণৰ বাবে নৱেম্বৰৰ বন্ধৰ ঘোষণা কৰিছে(Early winter break in Delhi schools due to severe air pollution) ।
বুধবাৰে দিল্লীত বায়ুৰ গুণাগুণ সূচকাংক প্ৰায় ৪০০ স্পৰ্শ কৰিছে যিয়ে এতিয়াই অভিলেখ কৰিছে। বায়ু প্ৰদূষণৰ এনে পৰিস্থিতি অতি গুৰুতৰ আৰু বিপজ্জনক । নতুন দিল্লীত বৰ্তমান পিএম২.৫ৰ ঘনত্ব বিশ্ব স্বাস্থ্য সংস্থাৰ ২৪ ঘণ্টীয়া বায়ুৰ গুণাগুণৰ নিৰ্দেশনাৰ মূল্যই নিৰ্ধাৰণ কৰা পৰামৰ্শ দিয়া সীমাৰ ২০.৯ গুণ বেছি। বায়ু প্ৰদূষিত হৈ ৰাজ্যখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে(Delhi Government Announces Early Winter Break In Schools Amid Air Pollution) ।