Nitish Kumar Apologises for his Birth control Remarks : নিজৰ ভূল স্বীকাৰ কৰি ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে
নেশ্যনেল ডেস্ক, ৮নৱেম্বৰ : জনসংখ্যা নিয়ন্ত্ৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল নীতিশ কুমাৰে । তাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া । প্ৰতিক্ৰিয়াৰ পিছতে নিজৰ ভূল স্বীকাৰ কৰি ক্ষমা খুজিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে(Nitish Kumar Apologises for his Birth control Remarks) ।
বিধানসভাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয়, “মই কৰা মন্তব্যক গৰিহণা দিয়া হৈছে । মই কৰা বক্তব্য যদি ভুল হৈছে তেন্তে মই মোৰ বক্তব্যক প্ৰত্যাহাৰ কৰিছো। মই কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিছো।লগতে মুক্যমন্ত্ৰীগৰাকীয়ে কয় যে , আমি মহিলাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিও। যদি মোৰ মন্তব্যই কাৰোবাক আঘাত কৰিছে মই মোৰ মন্তব্য প্ৰত্যাহাৰ কৰিছো। মই নিজকে গৰিহনা দিছো। মই লজ্জিত হৈছে(Nitish Kumar apologises for population control remarks after backlash) ।
উল্লেখ্য যে মঙলবাৰে বিধানসভাত নীতিশ কুমাৰে জনসংখ্যা নিয়ন্ত্ৰণক এক বিতৰ্কিত মন্তব্য কৰিছিল(Nitish Kumar apologises for his birth control remarks, BJP demands resignation)।
নীতিশ কুমাৰে কৈছিল যে, মহিলাসকল শিক্ষিত হোৱা বাবে ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণ হৈছে। তাৰ পাছত তেওঁ কয় যে, বিয়াৰ পাছত পুৰুষে পত্নীৰ লগত যৌন সম্বন্ধ স্থাপন কৰিব বিচাৰে। কিন্তু আমি বিহাৰৰ মহিলাসকলক ইমানেই শিক্ষিত কৰিছো যে তেওঁলোকে সঠিক সময়ত নিজৰ স্বামীক এনে কৰিবলৈ নিদিয়ে। যাৰ বাবে বিহাৰত জনসংখ্যা নিয়ন্ত্ৰণ হৈছে।
নীতিশ কুমাৰে এই মন্তব্যৰ পাছতে আৰম্ভ হৈছিল সমালোচনাৰ। এনে মন্তব্য অধিত সংবেদনশীল আৰু আপত্তিজনক বুলি কৈছিল মহিলা আয়োগে। লগতে মহিলা আয়োগেও ইয়াৰ বিৰুদ্ধে নীতিশ কুমাৰক ক্ষমা খোজাৰ দাবী জনাই(Bihar CM Nitish Kumar apologises for his remarks on population control, says ‘I take back my words’)।
নীতিশ কুমাৰৰ মন্তব্যৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী আৰোক সিঙে কয় যে ”মইও বিহাৰৰ। মই লজ্জিত যে এনেকুৱা মানুহ এজন আমাৰ মুখ্যমন্ত্ৰী। বিহাৰীসকলক লজ্জিত কৰি দিলে।
লগতে পঢ়ক : NIA Raids Across 10 States : মানৱ সৰবৰাহৰ গোচৰৰ দহখন ৰাজ্যত NIAৰ অভিযান