Local, Vocal, Global

NIA Raids Across 10 States : মানৱ সৰবৰাহৰ গোচৰৰ দহখন ৰাজ্যত NIAৰ অভিযান

নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ : দহখন ৰাজ্যত NIAৰ অভিযান । মানৱ সৰবৰাহৰ গোচৰৰ NIAৰ অভিযান(NIA Raids Across 10 States) ।

প্ৰাপ্ত তথ্য অনুসৰি ,বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান তদন্ত সংস্থাই মানৱ সৰবৰাহৰ গোচৰৰ সম্পৰ্কত আঠখন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত অভিযান চলাই ।

অভিযান চলাই ক্ৰমে ত্ৰিপুৰা, অসম, পশ্চিম বংগ, কৰ্ণাটক, তামিলনাডু, তেলেংগানা, হাৰিয়ানা, পুডুচেৰী, ৰাজস্থান আৰু জম্মু-কাশ্মীৰত।

জানিব পৰা মতে, যোৱা মাহত NIA-এ ভাৰতত একাংশ শ্ৰীলংকাৰ নাগৰিকৰ অবৈধ অৱস্থানৰ সৈতে জড়িত মহম্মদ ইমৰাণ খানক তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। শেহতীয়া অভিযানৰ সৈতে এই গোচৰৰ সম্পৰ্ক আছে নে নাই সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই(NIA conducts Raids Across 10 states including Assam, Tripura in human trafficking cases)।

NIAৰ এই অভিযান সন্দৰ্ভত কোনো তথ্য ঘোষণা কৰা হোৱা নাই যদিও পৰৱৰ্তি সময়ত অধিক তথ্য ঘোষণা কৰা হ’ব বুলি প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে,আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱ থকা মানৱ সৰবৰাহৰ গোচৰৰ তদন্তৰ বাবে এন আই এৰ এটা নিৰ্দিষ্ট সংস্থা আছে। ২০২২ চনত ই জাল নথি-পত্ৰ ব্যৱহাৰ কৰি ৰহিংগীয়া আৰু বাংলাদেশী মুছলমানক ভাৰতত সৰবৰাহৰ লগতে তেওঁলোকৰ বসতি স্থাপনৰ তদন্ত কৰিছিল(Anti-terror agency conducts raids across 10 states in human trafficking cases)।

লগতে পঢ়ক : Opium Worth Rs 6 Cr Smuggled In From Manipur Seized : মহানগৰীত ৬ কোটি টকাৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ ৪ সৰবৰাহকাৰী