Warplanes strike Gaza refugee camp : অব্যাহত আছে ইজৰাইলৰ হামাজৰ ওপৰত আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৬ নৱেম্বৰ: অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।
বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে(Warplanes strike Gaza refugee camp, Gaza sustains third blackout)।
ইজৰাইল-হামাছৰ যুদ্ধৰ প্ৰায় এমাহৰ পিছতো ইজৰাইলে ধাৰাবাহিকভাৱে হামাছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলে লক্ষ্য কৰি লৈছে পেলেষ্টাইনৰ শৰণাৰ্থী শিবিৰ(Warplanes strike Gaza refugee camp) ৷
স্বাস্থ্য বিষয়াসকলে জনোৱা অনুসৰি দেওবাৰে পুনৰ মধ্য গাজা ষ্ট্ৰিপৰ দুটা শৰণাৰ্থী শিবিৰত ইজৰাইলে আকাশী মাৰ্গেৰে আক্ৰমণ চলায় ৷ ইজৰাইলৰ আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু ঘটে(Israeli warplanes hit refugee camps in Gaza Strip, killing scores ) ।
উল্লেখ্য যে, গাজাত হামাছৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ইজৰাইল-হামাছ যুদ্ধত পেলেষ্টাইনী লোকৰ মৃত্যুৰ সংখ্যা ৯৭০০লৈ বৃদ্ধি পাইছে । অধিগ্ৰহণ কৰা পশ্চিম পাৰত হিংসাত্মক পৰিস্থিতি আৰু ইজৰাইলৰ অভিযানত ১৪০ জনতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে । ইয়াৰ বিপৰীতে, ইজৰাইলৰ ১৪০০ ৰো অধিক লোক নিহত হৈছে, ইয়াৰে অধিকাংশই যুদ্ধ আৰম্ভ হোৱাৰ দিনা অৰ্থাৎ ৭ অক্টোবৰত নিহত হৈছিল ৷ ইজৰাইলৰ পৰা ২৪২ জন পণবন্দীক উগ্ৰপন্থী সংগঠনটোৱে গাজালৈ লৈ যায় । হামাছৰ মধ্যস্থতাকাৰী আমেৰিকা, ইজিপ্ত, ইজৰাইল আৰু কাটাৰৰ মাজত হোৱা আপাত চুক্তিৰ অধীনত বুধবাৰৰ পৰা ৰাফাহ ক্ৰছিঙৰ জৰিয়তে প্ৰায় ১১০০ লোকে গাজা ষ্ট্ৰিপ এৰি যায় ।
লগতে পঢ়ক : Israel-Hamas war : অব্যাহত আছে ইজৰাইলৰ হামাছৰ ওপৰত আক্ৰমণ