3 GRP Home Guards Missing After Looting Train Passenger : খাকী পোছাকত দাগ লগালে গৃহৰক্ষী জোৱানে !

নিউজ ডেস্ক, ৬ নৱেম্বৰ : পুনৰ খাকী পোছাকত দাগ লগালে গৃহৰক্ষী জোৱানে । এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীত । এইবাৰ কামাখ্য়া ৰেলৱে ষ্টেছনত ডকাইতিত নামিল খাকী পোছাকধাৰী । ৩ জন গৃহৰক্ষীৰ বিৰুদ্ধে ২ কেজি সোণ লুটাৰ অভিযোগ । এক চক্ৰই ৰেলৰ জৰিয়তে সৰবৰাহ কৰিছিল সোণখিনি । কামাখ্যা ষ্টেছনৰ প্লেটফৰ্মত কৰ্মৰত আছিল তিনিওজন গৃহৰক্ষী জোৱান(GRP Home Guards Missing After Looting Train Passenger) ।
ডকাইতি সংঘটিত কৰি পলায়ন কৰে গৃহৰক্ষী জোৱানকেইজনে । জানিব পৰা মতে, গৃহৰক্ষী জোৱানকেইজন ক্ৰমে তফিক ৰহমান,আকটুল আলি , আজমল আলি ।
এই ঘটনাক কেন্দ্ৰ কৰি GRPP- এ ৰুজু কৰিছে নিজাববীয়া গোচৰ(3 GRP Home Guards Missing After Looting Train Passenger) ।
সূত্ৰ অনুসৰি গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনত নিয়োজিত তিনিজন গৃহৰক্ষীয়ে কাঞ্চনজংঘা এক্সপ্ৰেছত যাত্ৰীৰ পৰা এক কিলোগ্ৰাম সোণ লুট কৰে ।
জানিব পৰা মতে, চলিত বৰ্ষৰ ২৪ অক্টোবৰত সংঘটিত হৈছিল এই ঘটনাৰ কিন্তু ৬ নৱেম্বৰত পোহৰলৈ আহে এই ঘটনা(3 GRP Home Guards Missing After Looting Train Passenger)।
লগতে পঢ়ক : Deadbody recovered in Guwahati : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ