Local, Vocal, Global

Deadbody recovered in Guwahati : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, ৫ নৱেম্বৰ : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । মহানগৰীৰ গড়চুকৰ পামহীত উদ্ধাৰ মৃতদেহ(Deadbody recovered) ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Deadbody recovered in Guwahati)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।

যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।

সোমবাৰে পুনৰ মহানগৰীত উদ্ধাৰ কৰা হয় মৃতদেহ । সোমবাৰে গড়চুকৰ পামহীৰ এটা পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো।

সোমবাৰে পুৱাই পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে আৰু লগে লগে গড়চুক আৰক্ষীক ঘটনাৰ সম্পৰ্কে অৱগত কৰে ।

ঘটনাৰ সম্পৰ্কে আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত আৰু মৃতদেহটো উদ্ধাৰ কৰে । আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো লোকজন টংলাৰ অজয় বুলি চিনাক্ত কৰা হৈছে ৷

জানিব পৰা মতে, বিগত কেইদিনমানৰ পৰা গড়চুকস্থিত মা দুৰ্গা কেবিনত কৰ্মৰত আছিল মৃত লোকজন । স্থানীয় ৰাইজ তথা মা দুৰ্গা কেবিনৰ স্বত্বাধিকাৰী জয়ন্ত ঠাকুৰীয়াই সন্দেহ কৰা অনুসৰি অত্যাধিক সুৰাপান কৰাৰ বাবেই কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয় অজয়ে। সম্প্ৰতি ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : Deadbody recovered in Sivasagar : একেলগে উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ