Local, Vocal, Global

Israel-Hamas war : অব্যাহত আছে ইজৰাইলৰ হামাছৰ ওপৰত আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।

বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে।

ইজৰাইল-হামাছৰ যুদ্ধৰ প্ৰায় এমাহৰ পিছতো ইজৰাইলে ধাৰাবাহিকভাৱে হামাছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। শনিবাৰে পুনৰ ইজৰাইলৰ বিমান আক্ৰমণ । এই আক্ৰমণত ফলত শৰণাৰ্থী শিবিৰত বাস কৰা কমেও ৫১জন পেলেষ্টাইনী নিহত হয়(Over 50 killed in attacks on Gaza refugee camps)।

জানিব পৰা মতে, নিহত লোকসকলৰ ভিতৰত অধিকাংশই মহিলা আৰু শিশু আছিল। ইয়াৰ সমান্তৰালকৈ ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰীপতো বহু ঘৰ ধ্বংস হয় ।

উল্লেখ্য যে , এমাহ জুৰি ইজৰাইল-হামাছৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজত প্ৰায় ১০ হাজাৰ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে ইজৰাইলত ডেৰ সহস্ৰাধিক লোক নিহত হৈছে। পেলেষ্টাইনত নিহতৰ ভিতৰত ৩,৯০০ শিশু আৰু ২,৫০৯ গৰাকী মহিলাৰ আছে । ইজৰাইলৰ আক্ৰমণত গাজাৰ প্ৰায় ২৫ হাজাৰ লোক আহত হৈছে।

ইফালে শুকুৰবাৰে গাজা চহৰত এম্বুলেঞ্চৰ কনভয়ত হোৱা আক্ৰমণত ১৫জন লোক নিহত হৈছে। হামাছ সন্ত্ৰাসবাদীক টাৰ্গেট কৰি ইজৰাইলী সেনাই আকাশমাৰ্গেৰে এই আক্ৰমণ কৰে।

ইপিনে আশ্ৰয় শিবিৰলৈ পৰিণত হোৱা বিদ্যালয়ো ইজৰাইল ডিফেন্স ফ’ৰ্চৰ আক্ৰমণৰ বলি হৈছে। আল-ফাখুৰা বিদ্যালয়ৰ পিছত গাজা চহৰৰ উত্তৰাঞ্চলত থকা আল-ছাফতাৱী বিদ্যালয়তো ইজৰাইলে বোমাবৰ্ষণ কৰিছে। এই ঠাইত গৃহহাৰা কেইবাটাও পৰিয়ালে আশ্ৰয় লৈছিল(Another Gaza school hit by heavy Israeli bombing)।

আনহাতে ইজৰাইলে দাবী কৰা মতে গাজাৰ পৰা হামাছে অহৰহ মিছাইল আক্ৰমণ অব্যাহত ৰাখিছে । ইজৰাইলৰ তীৰ মিছাইল প্ৰতিৰক্ষা প্ৰণালীয়ে শেহতীয়াকৈ ইলাটৰ উত্তৰে আৰাভা অঞ্চলত এটা ৰকেট নিস্ক্ৰিয় কৰিবলৈ সক্ষম হয় । এই ৰকেটটো শনিবাৰে গাজা ষ্ট্ৰিপৰ পৰা নিক্ষেপ কৰা হৈছিল বুলি ইজৰাইলে দাবী কৰিছে ।

লগতে পঢ়ক : Hamburg airport closed after armed man breaches security : নিৰাপত্তাৰ বেষ্টনী ভাঙি বিমানবন্দৰত গুলীচালনা,গুলীচালনাক কেন্দ্ৰ কৰি বিমানবন্দৰত তীব্ৰ উত্তেজনা