Local, Vocal, Global

Road Accident in Sonitpur : তীব্রবেগী ট্রাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ

নিউজ ডেস্ক, ৫ নৱেম্বৰ : এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্রবেগী ট্রাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ। নিহত তিনিজন, আহত চাৰিজনকৈ লোক(Road Acciden) ।

দেওবাৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দেওবাৰে পুৱতি নিশা শোণিতপুৰৰ ভেৰগাঁৱত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । এখন তীব্রবেগী ট্রাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় ৩জন লোক লগতে আহত হয় চাৰিজনকৈ লোক । নিহত লোককেইজনৰ ভিতৰত দুজনৰ পৰিচয় উদ্ধাৰ কৰা হৈছে যদিও এজনৰ পৰিচন বৰ্তমানেও উদ্ধাৰ কৰিব পৰা হোৱা নাই ।

মৃত লোককেইজন ক্ৰমে জ্যোতিষ বাৰেক আৰু পূজা চাপৰ বুলি চিনাক্ত কৰা হৈছে আৰু আন এজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই(Road Accident in Sonitpur) ।

জানিব পৰা মতে, এই পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা লোককেইজন হ’ল ফুলেশ্বৰী চবৰ, কুঞ্জল চবৰ, কাৰ্তিক চবৰ আৰু আৰমন ৰাজ। আহতসকলক ইতিমধ্যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হৈছে । আনহাতে এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে((Road Accident in Sonitpur) ।

লগতে পঢ়ক : ITBP Jawan Dead in Accident at Arunachal : এক মৰ্মান্তিক দুৰ্ঘটনা, ৩০০ ফুট তলত পৰিল টাটা মোবাইল বাহন