Aloe Vera Benefits for Hair : চুলিৰ বাবে কিমান উপকাৰী এল’ভেৰা
ঘৰুৱা সৌন্দৰ্য্যৰ বাবে ব্যৱহৃত এবিধ ঔষধি গুণসম্পন্ন গছ হ’ল এলভেৰা (Aloe Vera) যাক অসমীয়াত ছালকুঁৱৰী বুলি জনা যায়। সাধাৰণতে ২-৩ ফুট উচ্চতাৰ এই গছজোপাৰ পাতসমূহ পাতল সেউজীয়া ৰঙৰ, মঙহাল, ডাঠ তথা চেপেটা আকৃতিৰ(Aloe Vera Benefits)। পাতসমূহ প্ৰতিৰক্ষাৰ হেতু কিছু পৰিমানে জোঙা আকৃতিৰ কাঁইটলৈ ৰূপান্তৰিত হয়। সাধাৰণতে ফুলৰ টাব তথা টাব আকৃতিৰ সামগ্ৰীত এলভেৰাৰ ৰোপন কৰা হয়। অসমৰ প্ৰায় সকলো ঠাইতে এলভেৰা পোৱা যায়(Aloe Vera Benefits for Hair)।
এলভেৰাৰ পাত ঔষধ তথা সৌন্দৰ্য্যমূলক সামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। সাধাৰণতে এলভেৰাৰ পাতসমূহ গছৰ পৰা সংগ্ৰহ কৰি ওপৰৰ ছাল কাটি উলিয়াই ভিতৰৰ বিজলুৱা অংশৰে বিভিন্ন সামগ্ৰী বনোৱা হয়।
এল’ভেৰা হৈছে ঔষধি গুণ থকা উদ্ভিদ ৷ ইয়াৰ ব্যৱহাৰে ছালক নতুন প্ৰাণ দিয়ে । এল’ভেৰাই আপোনাৰ চুলিক আকৰ্ষণীয় কৰি তুলে ৷ চুলিত এল’ভেৰা প্ৰয়োগ কৰাৰ ফলত চুলি শক্তিশালী আৰু বিকাশ দ্ৰুততৰ হয় ৷
এলভেৰাত থকা প্ৰটিঅ’লাইটিক এনজাইমে মূৰৰ তালুৰ মৃত কোষ সজীৱ (Restores dead hair follicles) কৰে। চুলিত থকা প্ৰধান প্ৰটিনবিধ হল- কেৰাটিন (Keratin)। এলভেৰাত কেৰাটিন সদৃশ এবিধ দ্ৰব্য আছে, যি চুলি সতেজ, সজীৱ, কোমল কৰাৰ লগতে চুলি সৰা বন্ধ কৰাৰ বাবেও এলভেৰাৰ গুৰুত্ব আছে।
চুলিত এল’ভেৰা কিদৰে ব্যৱহাৰ কৰিব জানো আহক-
এল’ভেৰাৰ পৰা তৈয়াৰ কৰা এটা প্ৰাকৃতিক মাস্ক প্ৰয়োগ কৰি আপোনাক দীঘল আৰু ক’লা চুলিৰ গৰাকী হ’ব পাৰে ৷ এই মাস্ক তৈয়াৰ কৰিবলৈ আপুনি কণীৰ বগা অংশ এল’ভেৰা জেলত মিহলি কৰিব ৷ তদুপৰি, জ’জ’বা তেল আৰু মেথি গুটিৰ সৈতে সামান্য পৰিমাণৰ মৌ মিহলি কৰি চুলিত প্ৰয়োগ কৰিব পাৰে ৷ এঘণ্টা ৰখাৰ পিছত চুলিখিনি চেম্পুৰে ধুই পেলাব ৷ ই চুলি দ্ৰুতগতিত দীঘল হোৱাত সহায় কৰিব ৷
এল’ভেৰা জেলৰ সহায়ত চুলিৰ বাবে প্ৰাকৃতিক ট’নাৰ বনাব পাৰি ৷ ইয়াৰ বাবে আপুনি ১/৪ কাপ আদাৰ ৰসত আধা কাপ এল’ভেৰা জেল মিহলি কৰি এই মিশ্ৰণটো স্প্ৰে বটল এটাত ভৰাই ৰাখিব আৰু সময়ে সময়ে ইয়াক চুলিত প্ৰয়োগ কৰক ৷ এই মিশ্ৰণটো ২০ মিনিটৰ বাবে চুলিত লগাই ৰাখি পাছত ভালদৰে ধুই পেলাব ৷ এল’ভেৰা জেলত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণবোৰে চুলি বৃদ্ধি কৰাত সহায় কৰিব ৷
আপুনি এল’ভেৰাৰ সৈতে আমলখি ব্যৱহাৰ কৰি চুলি দীঘল আৰু ঘন কৰিব পাৰে ৷ এল’ভেৰা জেলত আমলখিৰ ৰস মিহলি কৰি চুলি ২০ মিনিটৰ বাবে প্ৰয়োগ কৰি পিছত ভালদৰে ধুই পেলাব ৷ এই ঘৰুৱা প্ৰতিকাৰবোৰে আপোনাৰ চুলি শক্তিশালী আৰু ধুনীয়া কৰাত সহায় কৰিব ৷
লগতে পঢ়ক : Beetroot Benefits: বিটৰ অনেক স্বাস্থ্য উপকাৰিতা আছে; আহক আজি আমি বিটৰ কিছুমান বিশেষ উপকাৰিতা বিষয়ে জানো