Local, Vocal, Global

Myanmar National held with Contraband items in Mizoram : মিজোৰামত আছাম ৰাইফলছৰ সফল অভিযান, অভিযানত জব্দ ২.০৬ কোটি টকাৰ হেৰ’ইন

নেশ্যনেল ডেস্ক, ৪নৱেম্বৰ : ড্ৰাগছৰ বৰবিহে ছানী ধৰি সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱ ভাৰতক । বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)।

সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায় ।
ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

মিজোৰামত চলিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷ সেয়েহে নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে চোকা নজৰ ৰাখিছে ম্যানমাৰৰ সীমান্তৱৰ্তী ৰাজ্যখনত ৷ আৰক্ষী নিতৌ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চলাই আছে অভিযান । অভিযানত মিজোৰাম আৰক্ষীৰ আন এক সফলতা(Heroin Worth Rs 2.06 Crore Seized By Assam Rifles In Champhai District, One Myanmar National Arrested)।

শুকুৰবাৰে এক চৰকাৰী বিবৃতিয়ে এক তথ্য সদৰী কৰা অনুসৰি, অসম ৰাইফলছে মিজোৰামৰ চম্ফাই জিলাত ২.০৬ কোটি টকাৰ ২৯৫.২৮ গ্ৰাম নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে লগতে ম্যানমাৰৰ এজন নাগৰিকসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে(Myanmar National held with Contraband items in Mizoram)।

লগতে বিবৃতিটোত উল্লেখ কৰে যে , অসম ৰাইফলছে ৩ নৱেম্বৰত চম্ফাই জিলাৰ সাধাৰণ এলেকা তংচামত (Tlangsam) ২.০৬ কোটি টকাৰ ২৯৫.২৮ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰু ইয়াৰ লগত জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰে, যাৰ ভিতৰত এজন লোক ম্যানমাৰৰ নাগৰিক বুলি জানিব পৰা গৈছে।

চৰকাৰী বিবৃতিটোত উল্লেখ থকা অনুসৰি, “নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অসম ৰাইফলছ আৰু চম্ফাইৰ আবকাৰী আৰু নাৰ্কোটিক্স বিভাগৰ এটা যুটীয়া দলে এই অভিযান চলাইছিল ।

অভিযান আৰক্ষীয়ে বুজন পৰিমানৰ হেৰ’ইন জব্দ কৰে । জব্দ কৰা হেৰ’ইনখিনিৰ আনুমানিক বজাৰ মূল্য ২,০৬,৬৯,৬০০ টকা ৷”অভিযুক্তসকলক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে চম্পাইৰ আবকাৰী আৰু নাৰ্কোটিক্স বিভাগক গতাই দিয়া হৈছে ।”

মিজোৰাম নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ এক ডাঙৰ চিন্তাৰ কাৰণ ।”‘চেণ্টিনেল অৱ নৰ্থইষ্ট’ নামেৰে নামাকৰণ কৰা আছাম ৰাইফলছে অবৈধ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু মিজোৰামত নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ কিংপিনকো গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা দুগুণে বৃদ্ধি কৰিছে, বিবৃতিটোত উল্লেখ কৰে ৷

লগতে পঢ়ক : Drugs hidden in snack packets seized in Bongaigaon : নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীৰ অভিযান;অভিযান জব্দ প্ৰায় ২০ কেজি গাঞ্জা