Domestic violence : ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা
নিউজ ডেস্ক, ২নৱেম্বৰ : নিকৃষ্ট, অমানৱীয়,ভয়ংকৰ ! দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনাৰ(Domestic violence)। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। পোহৰলৈ আহিছে আন এক নিকৃষ্ট ঘটনাৰ । এইবাৰ বোৱাৰীক কেৰাচিল ঢালি জুই জ্বলাই দিয়াৰ চেষ্টা ।
ৰাজ্যত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ গুৱাহাটী মহানগৰীত বোৱাৰী নিৰ্যাতনৰ ঘটনা ।
গুৱাহাটী মহানগৰীত দৈনিক সংঘটিত হ’বলৈ ধৰিছে হিংসাত্মক ঘটনা। দৈনিক পোহৰলৈ আহে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাৰ । যেন অপৰাধৰ ৰম্য ভূমিত পৰিণত হবলৈ ধৰিছে মহানগৰী ।
পুনৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ বোৱাৰীক তেল ঢালি জ্বলাই দিয়াৰ চেষ্টাৰ কৰাৰ অভিযোগ স্বামী আৰু শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে।মহানগৰীৰ বাঘৰবৰী পুৱেৰুণ পথত সংঘটিত হৈছে এই নৃংশস ঘটনা(Husband and Parents in law torture daughter in law )।
জানিব পৰা মতে, শাহুৱেকে বোৱাৰীয়েকৰ সোণৰ আঙুঠি চুৰি কৰাক লৈ সংঘটিত হৈছে এই ঘটনা।
ঘটনাৰ বিৱৰণ অনুসৰি,বোৱাৰীগৰাকীৰ এটা সোণৰ আঙুঠি চুৰি হৈছিল আৰু বোৱাৰীগৰাকীৰ চুৰি হোৱা আঙুঠিটো ঘূৰাই বিচৰাত স্বামী হিৰক জ্যোতি পাঠকসহ পৰিয়ালৰ সকলোৱে বোৱাৰীগৰাকীক প্ৰহাৰ কৰে আৰু বোৱাৰীগৰাকীৰ দেহত কেৰাচিন তেল ধালি দিয়ে। বোৱাৰীগৰাকীক জ্বলাই দিবলৈ দিয়াচলাই বিচাৰি থকা মূহুৰ্ততে বোৱাৰীগৰাকীয়ে কোনোমতে নিজৰ প্ৰাণ বচাই এটা কোঠাত সোমাই দুৱাৰ বন্ধ কৰি দিয়ে। বন্ধ কোঠাৰ পৰাই বোৱাৰীগৰাকীয়ে সাতগাঁও আৰক্ষী চকীলৈ ফোন কৰে আৰু আৰক্ষীয়ে আহি বোৱাৰাগৰাকীক উদ্ধাৰ কৰে।
বোৱাৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি স্বামী হিৰক জ্যোতি পাঠক এজন জুৱাৰী। বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ দিনাই জুৱা খেলিবলৈ অনুমতি নিদিয়াৰ অযুহাতত বোৱাৰীগৰাকীৰ সৈতে হিৰকে কাজিয়া কৰিছিল। এখন ৰিহাব চেন্টাৰৰ স্বত্তাধীকাৰী হিৰক জ্যোতি পাঠকে সুৰামত্ত হৈ ৰিহাব চেন্টাৰৰ ৰোগীসকলৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰো গুৰুতৰ অভিযোগ তুলিছে বোৱাৰীগৰাকীৰ মাতৃয়ে। লগতে হিৰক জ্যোতি পাঠকৰ অন্য নাৰীৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলিও অভিযোগ উত্থাপন কৰিছে মাতৃগৰাকীয়ে। সম্প্ৰতি সমগ্ৰ ঘটলা সন্দৰ্ভত স্বামী হিৰক জ্যোতি পাঠকসহ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু ভুক্তভোগী বোৱাৰীগৰাকীয়ে।
লগতে পঢ়ক :Supected Murder in Mankachar: মানকাচৰত বোৱাৰীৰ ৰহস্যজনক মৃত্যু