Arvind Kejriwal will not appear before ED today : ED ৰ কাৰ্যালয়ত হাজিৰ নহয় অৰবিন্দ কেজৰিৱাল
নেশ্যনেল ডেস্ক, ২নৱেম্বৰ : আজি EDৰ ওচৰত হাজিৰ হ’ব নিৰ্দেশ দিছিলে অৰবিন্দ কেজৰিৱালক ৷ আবকাৰী নীতি কেলেংকাৰিৰ অভিযোগত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক হাজিৰ হ’বলৈ EDয়ে জাৰি কৰিছিল চমন ৷
কিন্তু চমন সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে ইডিৰ জাননীখন ‘সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ আৰু ‘অবৈধ’ ।
তেওঁ লগতে কয় যে তেওঁ ইডিৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ নহয়, বৰং ভগৱন্ত মানৰ সৈতে মধ্যপ্ৰদেশৰ চিংৰোলাত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব । চাৰিখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত তেওঁৰ অংশগ্ৰহণত বাধা দিবলৈয়ে এই ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰে(Arvind Kejriwal will not appear before ED today) ।
উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী সুৰা নীতি কেলেংকাৰীৰ তদন্তৰ অংশ হিচাপে বৃহস্পতিবাৰে EDৰ ওচৰত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল । ইডিয়ে বৃহস্পতিবাৰে পুৱা ১১ বজাত সোধাপোছাৰ বাবে মাতি পঠিয়াইছিল তেওঁক । ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ বাসগৃহ আৰু ইডি কাৰ্যালয়ত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হয় । আনহাতে, মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলিও আশংকা কৰা হৈছে । এই চৰ্চাৰ বাবে ৰাজধানীৰ ৰাজনৈতিক পৰিৱেশত যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে(Arvind Kejriwal will not appear before ED today, to attend MP’s road show ) ।
ইফালে মন্ত্ৰী সৌৰভ ভৰদ্বাজ, গোপাল ৰায়, আতিশী আৰু সাংসদ ৰাঘৱ চাড্ডাই এই জেৰা সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰিছে । তাত তেওঁলোকে কৈছে যে আম আদমী পাৰ্টীৰ কোনো কৰ্মীয়ে ভয় খোৱা নাই । তেওঁলোকে অভিযোগ কৰে যে বিজেপিয়ে আম আদমী পাৰ্টী ধ্বংস কৰিব বিচাৰে । ইয়াৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী কেজৰিৱালে এক সংবাদমেল অনুষ্ঠিত কৰে আৰু চাকৰি নিয়মীয়াকৰণ কৰা অনাময় কৰ্মীসকলক অভিনন্দন জনায় । অৱশ্যে এই সংবাদমেলত তেওঁ ইডিৰ চমনৰ বিষয়ে একো এটা উল্লেখ নকৰে(ED likely to issue fresh summons to Arvind Kejriwal) ।
উল্লেখ্য যে যোৱা এপ্ৰিল মাহতে দিল্লীৰ মুখ্যমন্ত্ৰীক এই গোচৰটোত চিবিআয়ে সোধাপোছাৰ বাবে মাতিছিল । অৱশ্যে ইডিয়ে এই ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে তেওঁক জেৰা কৰিব । কিন্তু যদি বিগত কেইটামান ঘটনালৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া আৰু সাংসদ সঞ্জয় সিঙক সোধাপোছাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল । আনহাতে, আতিশী আৰু সৌৰভ ভৰদ্বাজৰ দৰে আপ নেতাসকলেও তে