Indian-Origin Israeli Soldier Killed In Fighting In Gaza : অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা
ইণ্টাৰনেশ্যনেল ডেস্ক, ১১নৱেম্বৰ : অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে(Indian-origin soldier among Israelis killed in Gaza)।
ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ মাজতে আহিছে আন এক খবৰ । গাজাত যুদ্ধৰ সময়ত ইজৰাইলী যুঁজাৰুসকলৰ ভিতৰত এজন 20 বছৰীয়া ভাৰতীয় মূলৰ ইজৰাইলী জোৱানো নিহত হোৱা খবৰ আহিছে ।
বুধবাৰে এই কথা কৰিলে চহৰখনৰ মেয়ৰে । জানিব পৰা মতে,ষ্টাফ-চাৰ্জেণ্ট হালেল চলোমন ইজৰাইলৰ দক্ষিণৰ ডিমোনা চহৰৰ আছিল(Indian-Origin Israeli Soldier, 20 Killed In Fighting In Gaza) ৷
উল্লেখ্য যে, ডিমোনাৰ মেয়ৰ বেনি বিটনে বুধবাৰে এক ফেচবুক পোষ্টত কয় যে “গাজাৰ যুদ্ধত আমি ডিমোনাৰ এজন পুত্ৰ হালেল চলোমনৰ মৃত্যুৰ কথা অত্যন্ত দুখেৰে সৈতে ঘোষণা কৰিছো ৷ আমি পিতৃ-মাতৃ, ৰনিত আৰু মৰ্ডেচা আৰু তেওঁৰ ভগ্নী য়াচমিন, হিলা, ভাৰেড, আৰু শ্বেকডৰ দুখত সমভাগী হৈছো ৷ হালেলে এক অৰ্থপূৰ্ণ সেৱা কৰিবলৈ আকাংক্ষা কৰিছিল আৰু গিভাটি (ব্ৰিগেড)ত তালিকাভুক্ত হৈছিল ৷ হালেল এজন নিষ্ঠাৱান পুত্ৰ আছিল আৰু তেওঁৰ চকুত সদায় তেওঁৰ পিতৃ-মাতৃৰ প্ৰতি সন্মান আছিল ৷ অপৰিসীম ভাল গুণৰ অধিকাৰী হৈ তেওঁ অন্তহীন দান, শালীনতা আৰু নম্ৰতাত বিশ্বাস কৰিছিল(Indian-Origin Israeli Soldier Killed In Fighting In Gaza) ৷”
লগতে বিটনে লিখে, গোটেই ডিমনা চহৰখনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ ইজৰাইলৰ দক্ষিণ অংশৰ এখন চহৰ ডিমোনা ইজৰাইলৰ পাৰমাণৱিক ৰিয়েক্টৰৰ সৈতে চিনাক্ত কৰা হৈছে যদিও চহৰখনত ভাৰতৰ পৰা অহা ইহুদীৰ বৃহৎ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি কিছুমানে ইয়াক সৰু ভাৰত বুলিও বৰ্ণনা কৰিছে(20-year-old Indian-origin Israeli solider killed during war with Hamas in Gaza) ৷
ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে পিটিআইক জনাইছে যে তেওঁ এজন অতি উজ্জ্বল ভৱিষ্যতৰ যুৱক আছিল ৷ তেওঁৰ মৃত্যুত আৰু ইজৰাইলৰ অস্তিত্বৰ বাবে ন্যায়সংগত যুদ্ধত যুঁজি থকা আন ইজৰাইলী যুৱক-যুৱতীসকলৰ মৃত্যুত তেওঁলোকে দুখ প্ৰকাশ কৰে ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে বেদনাদায়ক লোকচানৰ সৈতে কঠিন যুদ্ধ বুলি অভিহিত কৰা যুদ্ধত গাজাত কমেও ১১ জন ইজৰাইলী সৈন্য নিহত হৈছে যদিও বিজয়ৰ নোপোৱালৈকে এই যুদ্ধ চলি থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷
ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয় যে “আমি জানো যে আমাৰ প্ৰতিজন সৈনিকেই এখন সম্পূৰ্ণ পৃথিৱী ৷ সমগ্ৰ ইজৰায়েলৰ লোকসকলে আপোনালোকক, পৰিয়ালসমূহক আমাৰ হৃদয়ৰ গভীৰতাৰ পৰা আকোৱালি লৈছে ৷ আপোনাৰ গধুৰ দুখৰ সময়ত আমি সকলোৱে আপোনাৰ লগত আছো ৷
আমাৰ সৈন্যসকল অতি ন্যায়পৰায়ণ যুদ্ধত নামিছে ৷ মই ইজৰাইলৰ নাগৰিকসকলক প্ৰতিশ্ৰুতি দিছো-আমি বিজয়ৰ আগলৈকে চলি থকা কামটো সম্পূৰ্ণ কৰিম ৷”৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত চলোৱা এক মাৰাত্মক আক্ৰমণত কমেও ১,৪০০ ইজৰাইলী নিহত হৈছে ৷ সেই সময়ত তেওঁলোকে কমেও ২৪০ জন লোকক পণবন্দী হিচাপেও লৈ গৈছিল ৷
আমেৰিকা আৰু আন কিছুমান পশ্চিমীয়া ৰাষ্ট্ৰৰ সমৰ্থনত ইজৰাইলে ২০০৭ চনৰ পৰা গাজা ষ্ট্ৰিপ নিয়ন্ত্ৰণ কৰি অহা হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু দুটা উল্লেখিত লক্ষ্য আছিল – সন্ত্ৰাসবাদী সংগঠনটোক নিৰ্মূল কৰা আৰু পণবন্দীসকলক মুক্ত কৰা ৷