Curry Leaves Benefits : ডায়েবেটিছৰ লগতে ৰক্তহীনতাৰ বাবে উপকাৰী নৰসিংহৰ পাত
জননীৰ বুকুত থকা প্ৰকৃতিৰ সৌন্দৰ্য অনন্য। ইয়াক আমি নুই কৰিব নোৱাৰোঁ । এই প্ৰকৃতিৰ বুকুতে থকা কিছুমান উদ্ভিদ আছে যাৰ ঔষধী গুণে আমাৰ দেহ সুস্থ কৰি ৰাখে। আজি আমি তেনে এবিধ উদ্ভিদৰ বিষয়ে কবলৈ গৈ আছোঁ যাৰ নাম নৰসিংহ।
পাকঘৰত থকা আন মছলাৰ দৰেই নৰসিংহ পাতৰো সমানেই গুৰুত্ব আছে । খাদ্যত নৰসিংহ পাতৰে সোৱাদ যোগ কৰা হয় । হয়তো বহুতে নাজানে যে নৰসিংহ পাতক মিঠা নিম বুলিও কোৱা যায় । পোহা, দালি, শাক-পাচলি আৰু বহুতো ৰেচিপিত ইয়াক ব্যৱহাৰ কৰা হয় । নৰসিংহ পাতে খাদ্যত সোৱাদ বৃদ্ধি কৰাৰ লগতে সুগন্ধিও বৃদ্ধি কৰে । সোৱাদৰ লগতে নৰসিংহৰ পাত স্বাস্থ্যৰ বাবে মহৌষধ (Curry Leaves Benefits)।
নৰসিংহৰ পাতত কেলচিয়াম, মেগনেছিয়াম, কপাৰ, ফছফৰাছ, আইৰণ আদি থাকে । ইয়াৰ ঔষধি গুণৰ বাবে ইয়াৰ ব্যৱহাৰ কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু ওজন হ্ৰাস কৰাই নহয়, অন্যান্য স্বাস্থ্যজনিত সমস্যা সমাধানৰ বাবেও ব্যৱহাৰ কৰা হয় (Healthy Benefits of curry leaves)।
নৰসিংহই আমাৰ বহুটো ৰোগ নিৰাময় কৰাৰ বাবে সহায় কৰে ।
ওজন কমোৱা
বৰ্তমান সময়ত বেছিভাগ লোকেই ওজন বৃদ্ধিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, যাৰ বাবে তেওঁলোকে ডায়েটত থাকিব লগীয়া হয় । গতিকে প্ৰতিদিনে পুৱা ৫ৰ পৰা ৬টা নৰসিংহ পাত খালী পেটত সেৱন কৰিলে আপোনাৰ বিপাকীয় ক্ৰিয়া উন্নত হয় । ইয়াৰ লগে লগে আপোনাৰ ওজনো কমিবলৈ আৰম্ভ কৰিব । ডাইক্ল’ৰ’মিথেন আৰু ইথাইল এচিটেটৰ দৰে বিশেষ মৌল পোৱা যায়, যিবোৰে ওজন হ্ৰাসৰ কাম কৰে ।
ৰক্তহীনতা
ৰক্তহীনতা প্ৰতিৰোধী গুণৰ বাবে নৰসিংহ পাত ৰক্তহীনতাত আক্ৰান্ত লোকৰ বাবে অতি উপকাৰী । ইয়াত কেলচিয়াম, আইৰণ আৰু জিংক প্ৰচুৰ পৰিমাণে পোৱা যায় । তেজ শোষক মৌল ফলিক এচিড আৰু আইৰণ দুয়োটা নৰসিংহ পাতৰ ভিতৰত পোৱা যায় । এই কাৰণেই ৰক্তহীনতাত ই উপকাৰী ।
ডায়েবিটিছ
যদি আপোনাৰ ডায়েবিটিছৰ সমস্যা আছে তেন্তে আপুনি তৎক্ষণাত নৰসিংহ পাত খাবলৈ আৰম্ভ কৰিব লাগে । নৰসিংহ পাতৰ হাইপ’গ্লাইচেমিক গুণ অৰ্থাৎ চুগাৰ মাত্ৰা হ্ৰাস কৰাৰ গুণ আছে । ইয়াৰ ফলত ব্লাড চুগাৰ বৃদ্ধি নহয় আৰু ইনচুলিন সঠিকভাৱে উৎপাদিত হয় । পুৱা খালী পেটত নৰসিংহৰ পাত চোবাই খালে চুগাৰ নিয়ন্ত্ৰণত থাকে ।কেৱল এয়াই নহয়, নৰসিংহৰ পাতকো হৃদযন্ত্ৰৰ বাবে অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় । নৰসিংহ পাতে কলেষ্টেৰল নিয়ন্ত্ৰণতো কাম কৰে ।
লগতে পঢ়ক :Guava Leaves Benefits : মধুৰীআমৰ পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?