Father stabs son in Nagaon : পিতৃয়ে চুৰিৰে আক্ৰমণ কৰিলে পুত্ৰক
নগাওঁ, ১নৱেম্বৰ : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পিতৃ মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। পিতৃ মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত অনুভৱ কৰে। এই পিতৃ মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে।
কিন্তু এগৰাকী পিতৃয়ে যেতিয়াই হত্যাকাৰী হয় । এজন পিতৃৰ বুকুত যেতিয়াই দানৱীয় সত্তই থিতাপি লয় তেতিয়াই কাৰ ওচৰত নিৰাপত্তা অনুভৱ কৰিব সন্তানে ।
এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগাঁৱত । নগাঁৱৰ ডিফলুত পিতৃয়ে পেট আৰু মূৰত চুৰিৰে আঘাত কৰে পুত্ৰক । পিতৃৰ চুৰিকাঘাতত গুৰুতৰভাৱে আহত পুত্ৰ ।
মঙলবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হৈছে এই ঘটনাটো(Father stabs son) ।
জানিব পৰা মতে, প্ৰবীণ বৰা নামৰ এগৰাকী ব্যক্তিয়ে নিজ পুত্ৰ চিন্ময়ক চুৰিৰে গুৰুতৰভাৱে আহত কৰে। পিতৃৰ চুৰিকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আহত পুত্ৰ চিন্ময় বৰা বৰ্তমান চিকিৎসাধীন হৈ আছে নগাঁও চিকিৎসা মহাবিদ্যালয়ত(Father stabs son in Nagaon) ৷
প্ৰাপ্ত তথ্য অনুসৰি পাষণ্ড পিতৃ বৰা ওৰফে শিশুৰামে পত্নী প্ৰণতি বৰাক নিৰ্যাতন চলাইছিল। মাতৃক বচাবলৈ যাওতে পুত্ৰক দাৰে ঘপিয়াই পিতৃয়ে পলায়ন কৰে। এই ঘটনাৰ সন্দৰ্ভত চিন্ময়ৰ মাতৃয়ে ইটাচালি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
বৰ্তমান পলাতক অৱস্থা প্ৰবীণ বৰা ।প্ৰবীণ বৰাক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Reshuffle in Assam Police : নলবাৰী আৰক্ষীৰ বৃহৎ সাল-সলনি