Local, Vocal, Global

Burmese Supari Seized : অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ তীব্ৰ অভিযান

নিউজ ডেস্ক, ১নৱেম্বৰ : অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান । এইবাৰ কাছাৰ আৰক্ষীৰ তীব্ৰ অভিযান অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে(Burmese Supari Seized)।

অভিযানত অসম-মিজোৰাম সীমান্তৰ ঘন জংঘলৰ পৰা জব্দ প্ৰায় ২০ হাজাৰ কেজি অবৈধ বাৰ্মিজ চুপাৰি। ৫০০টা বস্তাত লুকুৱাই থোৱা হৈছিল চুপাৰিখিনি।

দুষ্ট চক্ৰৰ অবৈধ সামগ্ৰী সৰবৰাহৰ নতুন কৌশল । আৰক্ষীয়ে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই অপৰাধৰ বাবে ন ন কৌশল অৱলম্বন কৰি আছে ।

এইবাৰ জল পথেৰে বাৰ্মিজ চুপাৰী সৰবৰাহ । কাছাৰত একাংশ দুষ্ট চক্ৰৰ বাৰ্মিজ চুপাৰী সৰবৰাহৰ নতুন কৌশল(Burmese Supari Seized Near Mizoram)।

চোৰাং ব্যৱসায়ীয়ে আৰক্ষীৰ ভয়ত স্থল পথৰ‌ পৰিৱৰ্তে জল পথেৰে বাৰ্মিজ চুপাৰী সৰবৰাহ কৰিছে । কিন্তু ইয়াৰ পিছতো যেন ৰক্ষা নহ’ল চুপাৰীৰ চোৰাং ব্যৱসায়ীৰ।‌

কাছাৰ আৰক্ষীয়ে মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰৰ পৰিৱৰ্তে নদী পথেৰে মিজোৰামৰ পৰা চুপাৰী সৰবৰাহৰ সময়ত জব্দ কৰিলে বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী।

উল্লেখ্য যে, আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বতত চলিছিল এই অভিযান । অভিযানত আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বতত সোনাই থানাৰ অ’চি মহাত্ম মানস সন্দিকৈয়ে অভিযান চলাই মিজোৰাম সীমান্তৰ জোৰখালৰ পৰা জব্দ কৰে ৫০০ বস্তা বাৰ্মিজ চুপাৰী।

জব্দ কৰা চুপাৰীৰ ওজন প্ৰায় ২০ হাজাৰ কেজি বুলি জানিব পৰা গৈছে । সোণাই নদীৰে সৰবৰাহ কৰি জংঘলত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰা হয় এই বুজন পৰিমাণৰ চুপাৰীখিনি।‌জব্দকৃত চুপাৰীখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

আৰক্ষীয়ে দাবী কৰা অনুসৰি জব্দকৃত চুপাৰীসমূহ মিজোৰামৰ ছাইফাইৰ পৰা পালা মাৰ ওৰফে লাল ৰকুং মাৰে নদীপথেৰে সৰবৰাহ কৰিছিল । আৰক্ষীয়ে চুপাৰীসহ এখন মটৰবোট আৰু দুটা মটৰো জব্দ কৰে।

এই ঘটনা সন্দৰ্ভত সোণাই থানাত এটি গোচৰ ৰুজু কৰি চুপাৰী সৰবৰাহকাৰী সকলক গ্ৰেপ্তাৰৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Commercial LPG Cylinder Prices Hiked From Today : পুনৰ বৃদ্ধি ৰন্ধনগেছৰ চিলিণ্ডাৰৰ মূল্য