Fake note seized in Guwahati : নকল টকাৰ বিৰুদ্ধে মহানগৰীৰ লালমাটিত STFৰ অভিযান
নিউজ ডেস্ক, ১ নৱেম্বৰ : নকল টকাৰ বিৰুদ্ধে মহানগৰীৰ লালমাটিত STFৰ অভিযান। অভিযানত জব্দ কেইবা লক্ষাধিক ৫০০ টকীয়া নকল নোট, টকা বনোৱা মেচিন, প্ৰিণ্টাৰ, কাগজ, অন্যান্য সামগ্ৰী।
মঙলবাৰে নিশা লালমাটিস্থিত এখন হোটেলত STF য়ে অভিযান চলাই । মহানগৰীত স্পেচিয়েল টাক্স ফৰ্চৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নকল নোট। জব্দ কৰে ৫০০ টকীয়া নকল নোট(Fake note seized in Guwahat) ।
জানিব পৰা মতে, নকল নোটৰ লগতে এই অভিযানত টকা বনোৱা মেচিন, কাগজ আৰু নকল টকা উৎপাদনত ব্যৱহৃত বহু সামগ্রী জব্দ কৰা হৈছে। লগতে নকল নোট ব্যৱসায়েৰে জড়িত এজন লোককো আটক কৰা হৈছে। আটকাধীন লোকজনৰ নাম নজৰুল মজুমদাৰ বুলিও জানিব পৰা গৈছে(Fake note seized in Guwahat)।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি , বিগত কেইবাদিনো ধৰি শিলচৰৰ পৰা আহি নজৰুল মজুমদাৰে লালমাটিস্থিত হোটেলখনত থাকি নকল নোটৰ ব্যৱসায় চলাই আছিল।
গোপন সূত্ৰৰ পৰা এই তথ্য লাভ কৰাৰ পিছতেই লালমাটিস্থিত হোটেলখনত অভিযান চলাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Hajo Murder : তীৰ্থনগৰী হাজোত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড