Local, Vocal, Global

Nitin Gadkari to lay foundation stones of 26 National Highway projects : কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত ২৬টা ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ উদ্বোধন

নিউজ ডেস্ক, ৩১অক্টোবৰ : দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী । অসমত উপস্থিত হোৱাৰ পাছতে মা কামাখ্যাৰ আশিস লয় আৰু সপত্নীক শক্তিপীঠ কামাখ্যা ধামত বিশেষ পূজা আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ।

আজি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হয় ।
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত ২৬টা ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন । উক্ত ২৬টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে প্ৰায় ১৭,৫০০কোটি টকা ধাৰ্য কৰা হৈছে(Nitin Gadkari to lay foundation stones of 26 National Highway projects in Guwahati today) ।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্যে বিজেপিৰ বহু সাংসদ, মন্ত্ৰী, বিধায়ক উপস্থিত থাকে(Union Minister Nitin Gadkari to lay foundation stones of 26 National Highway projects in Guwahati today) ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ এই কাৰ্যসূচীৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন জনসভাক সম্বোধন কৰিব ৷ আজি সকলো কাৰ্যসূচীৰ পাছত অসমৰ পৰা ৰাওনা হ’ব আজি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

লগতে পঢ়ক :DGP GP Singh Comments On Ulfa : আলফা (স্বাঃ) সন্দৰ্ভত জি পি সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য