Local, Vocal, Global

Kerala serial blasts : কেৰালাৰ ভয়ংকৰ বোমা বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি

নেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ: কেৰালাৰ ভয়ংকৰ বোমা বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি । কেৰালাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে ৷ আহতৰ সংখ্যা ৪৫গৰাকীতকৈ অধিক((3 killed, over 45 injured in blast at convention centre in Kochi) ) ।

এই ভয়ংকৰ দুৰ্ঘটনাটোত আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে যদিও তাৰে ছয়জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । কেৰালাত হোৱা বিস্ফোৰণৰ পিছতে ৰাজধানীৰ জনবহুল স্থানসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে(Kerala serial blast) ৷

উল্লেখ্য যে, দেওবাৰে কেৰালাৰ কালামাচেৰীত এক প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈ থকাৰ সময়তে ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ বিস্ফোৰণত ফলত কেইবাজনো লোক আহত হৈছিল লগতে নিহত হৈছিল তিনিজনকৈ লোক । সম্প্ৰতি আহত লোকসকলক কোচিৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে(Kerala Multiple Blasts At Convention Centre In Ernakulam ) ৷

এই ঘটনাৰ সন্দৰ্ভত কেৰালাৰ এডিজিপি (আইন-শৃংখলা) এম আৰ অজিত কুমাৰে কয় যে , “এজন ব্যক্তিয়ে ইতিমধ্যে ত্ৰিচুৰ গ্ৰাম্যৰ কোডাক্ৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে ৷ লোকজনে দাবী কৰা অনুসৰি এই ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা তেওঁ সংঘটিত কৰিছে ৷ লোকজনৰ নাম ডমিনিক মাৰ্টিন ৷ আমি লোকজনৰ কথাৰ সত্যতাসত্যৰ প্ৰমাণ কৰিবলৈ জেৰা অব্যাহত ৰাখিছো ৷ “

আৰক্ষীৰ মতে, প্ৰাথমিক অনুসন্ধানৰ তথ্য অনুসৰি বিস্ফোৰণ সংঘটিত কৰিবলৈ আইইডি (ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ) ব্যৱহাৰ কৰা হৈছিল।

এই ঘটনাৰ পিছত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে বিষয়টো তদন্ত কৰিবলৈ ২০ জনীয়া তদন্ত দল এটা নিযুক্ত কৰিছে ৷ তেওঁ লগতে উল্লেখ কৰে যে, কালামাচেৰীত যি ঘটনা সংঘটিত হ’ল সেয়া অতি দুৰ্ভাগ্যজনক। সম্প্ৰতি এই ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাত আহতলোসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে ২৭ জন লোকক এৰ্নাকুলাম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷ ইয়াৰে এগৰাকী কিশোৰী বুলি জানিব পৰা গৈছে ৷

চিকিৎসাধীন অৱস্থাত ১২ বছৰীয়া কিশোৰী লিবিনাই দেওবাৰে ১২.২০ বজাত মৃত্যুবৰণ কৰে । ৯৫ শতাংশ দগ্ধ হোৱা লিবিনাক কালামাচেৰী চিকিৎসা মহাবিদ্যালয়ৰ ভেণ্টিলেটৰত চিকিৎসা কৰা হৈছিল। এতিয়ালৈকে ৪ জন লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। ইয়াতে ৩ জন লোকৰ মৃত্যু হৈছে আৰু ৬ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

ইফালে এই ঘটনা সন্দৰ্ভত এডিজিপি (আইন-শৃংখলা)ৰ নেতৃত্বত এটা বিশেষ দলে এই ঘটনাৰ তদন্ত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে এখন সৰ্বদলীয় বৈঠকো আহ্বান কৰিছে

লগতে পঢ়ক : Kerala Multiple Blasts At Convention Centre In Ernakulam : ভয়ংকৰ বিস্ফোৰণ , মৃত্যু এজনৰ, আহত ৩৬ জনৰো অধিক