Local, Vocal, Global

Vice President Dhankhar to visit Guwahati Today : আজি অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

নিউজ ডেস্ক, ৩০অক্টোবৰ : আজি অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়৷ গুৱাহাটীৰ ৩টাকৈ কাৰ্যসূচীত অংশ ল’ব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

অসমলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখেড় । সোমবাৰে গুৱাহাটীত উপস্থিত হ’ব দেশৰ উপ ৰাষ্ট্ৰপতিগৰাকী(Vice President Dhankhar to visit Guwahati Today) ।

সোমবাৰে অসমত উপস্থিত হৈ কটন বিশ্ববিদ্যালয়ৰ এক বিশেষ কাৰ্যসূচীত অংশ ল’ব উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

কটন বিশ্ববিদ্যালয়ৰ অধ্য়াপক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ সৈতে ১ঘণ্টীয়াকৈ মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ ৰাষ্ট্ৰপতিগৰাকীয়ে(Vice President Jagdeep Dhankhar to Attend Special Programme at Cotton University ) ।

এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু । লগতে এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি(Vice President Dhankhar to visit Guwahati)

উপ ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ শনিবাৰে যান বাহন আৰক্ষীয়ে যান বাহন চলাচলৰ ক্ষেত্ৰত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে ।

এক প্ৰেছ বিবৃতিযোগে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই বাহন চলাচলৰ ক্ষেত্ৰত এই নিৰ্দেশনা জাৰি কৰে(Jagdeep Dhankhar to visit Assam) ।

নিৰ্দেশনা অনুসৰি, সোমবাৰে পুৱা ৮ বজাৰ পৰা নিশা ৮ বজা পর্যন্ত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া বা তাতকৈ অধিক চকাৰ বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

আনহাতে, এ টি ৰোড, ডি জি ৰোড, এম জি তৈয়াবুল্লাহ পথ, জি এন বি ৰোড, বি বৰুৱা ৰোড আৰু জি এছ ৰোডত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ তিনিচকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

অৱশ্যে এই সময়ছোৱাত শিশু, ছাত্র-ছাত্রী, মহিলা, বয়োজ্যেষ্ঠসকলৰ লগতে সকলোধৰণৰ জৰুৰীকালীন সেৱাৰ বাহন চলাচল কৰিব পাৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

লগতে পঢ়ক : Dibrugarh youth willingly joins Ulfa : পুনৰ আলফা (স্বাঃ)ত যোগদান অসমৰ যুৱকৰ