Sensational facts about the Chandmari incident : পোহৰলৈ আহিছে চানমাৰীত উদ্ধাৰ হোৱা মৃতদেহৰ আন এক চাঞ্চল্যকৰ তথ্য

নিউজ ডেস্ক, ২৯অক্টোবৰ : পোহৰলৈ আহিছে শনিবাৰে চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সন্মুখত উদ্ধাৰ হোৱা মৃতদেহৰ আন এক তথ্য(Dead Dody Recovered) ।
উল্লেখ্য যে শনিবাৰে চানমাৰীত এটা বস্তাৰ ভিতৰত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হৈছিল । উদ্ধাৰ হোৱা মৃতদেহটো নগাঁৱৰ আমাদাদুল ইছলাম নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰা হৈছিল ।
তাৰ পিছতে এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে চাঞ্চল্য(Sensational facts about the Chandmari incident ) ।
দেওবাৰে চানমাৰী থানাত উপস্থিত হয় মৃত আমদাদুলৰ মাতৃ, তেওঁৰ ১২ বছৰীয়া পুত্ৰ আৰু আত্মীয় ।
আৰক্ষী থানাত উপস্থিত হৈ মাতৃয়ে আমদাদুলৰ হত্যাৰ আঁৰত তিনি হিজৰাৰূপী যুৱক থকা বুলি অভিযোগ কৰে । আমদাদুলৰ মাতৃয়ে এই হত্যাৰ লগত ৰ’জি, মহিমা, ৰাধা নামৰ হিজৰাৰূপী যুৱক থকাৰ সন্দেহ কৰে। ইয়াৰে ৰ’জিৰ ঘৰ নগাওঁ, মহিমাৰ ঘৰ গুৱাহাটীত আৰু ৰাধাৰ ঘৰ জখলাবন্ধাত বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, হিজৰাৰূপী যুৱক মহিমাৰ নেতৃত্বত চেলা(শিষ্য)সকলে ধন সংগ্ৰহ কৰে। এই ৩ হিজৰা লগত পূৰ্বৰ পৰাই চিনাকি আছিল আমদাদুলৰ ।
প্ৰাপ্ত খবৰ অনুসৰি, ২৫ দিন পূৰ্বে কেৰেলালৈ যাম বুলি আমদাদুলে ঘৰৰ মানুহক কৈ ওলাই আহিছিল। নিজা ঘৰত থকা সময়ত আমদাদুলে পুৰুষৰ বস্ত্ৰ পৰিধান কৰিছিল যদিও গুৱাহাটীত আহি নিজকে তৃতীয় লিংগৰ বুলি পৰিচয় দিছিল বুলি জানিব পৰা গৈছে। মাতৃয়ে কোৱা অনুসৰি, তিনি হিজৰাৰূপী যুৱকৰ লগত মিলি আমদাদুলে এনে ৰূপ ধাৰণ কৰিছিল(Mother Suspects 3 Third Gender Killed)।
আমদাদুলৰ এটা ১২ বছৰীয়া পুত্ৰ সন্তান আছে। সন্তান জন্মৰ পিছতেই পত্নীৰ মৃত্যু হোৱাৰ বাবে আমদাদুলৰ মাতৃয়ে নাতিৰ পোহপাল কৰি আহিছে। আমদাদুল মাতৃৰ একমাত্ৰ সন্তান আছিল।
ইফালে, এই ঘটনাৰ লগত জড়িত CCTV ভিজুৱেল আহি পৰিছে চানমাৰী আৰক্ষীৰ হাতত। CCTVৰ ভিজুৱেল অনুসৰি এখন স্কুটিৰে দুজন লোকে মৃতদেহটো পেলাই থৈ যায় । মৃতদেহ পেলোৱাৰ পূৰ্বে সেই লোক দুজনে বহুসময় চৌদিশে ভালদৰে চাইছিল। কোনো নথকাৰ সুযোগ লৈ নিশা প্ৰায় ১২মান বজাত মৃতদেহটো নলাত পেলাই পলাই যায়।
আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু মৃতদেহ পেলাই দিয়া লোক দুজনৰ সন্ধানত অভিযান তলাই আছে । ইয়াৰ সমান্তৰালভাৱে মাতৃয়ে কোৱা অনুসৰি তিনি কিন্নৰৰ সন্ধান বিচাৰিও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।
লগতে পঢ়ক : Unidentified body stuffed inside sack recovered : বস্তাৰ ভিতৰত মৃতদেহ থকাৰ সন্দেহ