Local, Vocal, Global

Bangladeshi Woman Crossed Border To Meet Her Indian Boyfriend : প্ৰেমৰ বাবে চাৰিবছৰীয়া শিশু আৰু স্বামীক এৰি থৈ অসমলৈ আহিলে প্ৰেমিকাই

নেশ্যেনেল ডেস্ক,২৮অক্টোবৰ : প্ৰেমে নামানে বয়সৰ সীমা। প্ৰেমে মাথোঁ বিচাৰে প্ৰেমৰ ঠিকনা। এইবাৰ প্ৰেমৰ বাবে অসমলৈ আহিল বাংলাদেশী মহিলা ।

প্ৰেমৰ বাবে চাৰিবছৰীয়া শিশু আৰু স্বামীক এৰি থৈ আহিলে প্ৰেমিকাই । অসমৰ যুৱকৰ প্ৰেমত পৰি কাটা তাঁৰ পাৰ কৰি আহিলে মহিলাই ।

উল্লেখ্য যে, বুধবাৰে সংঘটিত হৈছে এই ঘটনাৰ । বুধবাৰে নিশা বাংলাদেশৰ মৌলভিবজাৰ জিলাৰ পৰা অসমত প্ৰৱেশ কৰিছিল বাংলাদেশী মহিলাগৰাকীয়ে ।

আৰক্ষীৰ মতে, বাংলাদেশৰ পৰা অহা ২৪ বছৰীয়া মহিলাগৰাকী দুটি সন্তানৰ মাতৃ আৰু মহিলাগৰাকীৰ নাম ফাতেমা নুছৰত(Bangla woman arrested for illegally entering India to marry lover) ।

ঘটনা অনুসৰি, দুমাহ পূৰ্বে বাংলাদেশ ভ্ৰমণ কৰিছিল অসমৰ যুৱক নুৰ জালাল আৰু সেয় সময়তে নুৰ জালালৰ প্ৰেমত পৰিছিল মহিলাগৰাকীয়ে । জানিব পৰা মতে, মৌলভিবজাৰত থকা মহিলাগৰাকীৰ শহুৰেকৰ বাসগৃহতে দুয়োয়ে নিয়মীয়াকৈ লগ কৰিছিল আৰু লাহে লাহে দুয়োৰে সম্পৰ্ক গভীৰ হৈছিল ।

অৱশেষত দুয়োয়ে বিয়া হোৱাৰ সিদ্ধান্ত লয়। কিন্তু ফাতেমা বিবাহিত হোৱা বাবে সমস্য়াত পৰে আৰু তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱা হ’লে সমস্য়া আহিব বুলি আশংকা কৰে। ফলত তেওঁলোকে আন এক সিদ্ধান্ত লয় আৰু বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত প্ৰৱেশ কৰে ফাতেমা নুছৰতে(Bangladeshi Woman Crossed Border To Meet Her Indian Boyfriend, Arrested)।

এই ঘটনাৰ সম্পৰ্কে আৰক্ষীয়ে খবৰ পাই আৰু এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ২৭ অক্টোবৰত তদন্ত তলাই ফুলবাৰীত জালালৰ ঘৰত আৰপ অভিযানত নুছৰটক আটক কৰে। কিন্তু আৰক্ষী অহাৰ উমান পাই জালালে কোনোমতে পলাবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযুক্ত নুছৰটক আটক কবলৈ সক্ষম হয় আৰু আদালতত হাজিৰ কৰাই ।

প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ ত্ৰিপুৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশে জালালৰ সন্ধান উলিবলৈ নিৰ্দেশ দিয়ে আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে ফাতেমা নুছৰতক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে(Bangladeshi Woman Crossed Border To Meet Her Indian Boyfriend) ।

লগতে পঢ়ক : Lakshmi Puja : আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা