Local, Vocal, Global

Unidentified body stuffed inside sack recovered : বস্তাৰ ভিতৰত মৃতদেহ থকাৰ সন্দেহ

নিউজ ডেস্ক, ২৮অক্টোবৰ : একেইদিনাই মহানগৰীত উদ্ধাৰ দুটাকৈ মৃতদেহ । এইবাৰ গুৱাহাটী মহানগৰীৰ চানমাৰীত উদ্ধাৰ মৃতদেহ । মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চ(Unidentified body stuffed inside sack recovered) ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

উল্লেখ্য যে, শনিবাৰে পুৱা চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সন্মুখত উদ্ধাৰ কৰে মৃতদেহ । জানিব পৰা মতে এটা বস্তাৰ ভিতৰত মৃতদেহটো থকাৰ সন্দেহ কৰা হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ । বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে চানমাৰী আৰক্ষী । লগতে ঘটনাৰ সম্পৰ্কে খবৰ দিয়া হৈছে ফৰেনচিক আৰু CID ৰ দলক । বৰ্তমান ফৰেনচিক আৰু CID ৰ দল উপস্থিত হৈছে ঘটনাস্থলীত(Unidentified body stuffed inside sack recovered in Chandmari) ।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত হৈছে চেন্ট্ৰ’ল ADCP নন্দিনী কাকতি । বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও প্ৰকৃততে বস্তৰ ভিতৰত কি আছে সেই তথ্য লাভ কৰা হোৱা । ফৰেনচিক আৰু CID ৰ দলৰ তদন্তত অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ ৰহস্য(Deadbody recovered in Guwahati) ।’

লগতে পঢ়ক : Dead body recovered : উজান বজাৰৰ শিৱৰাম পথত উদ্ধাৰ মৃতদেহ