Local, Vocal, Global

Dead body recovered : উজান বজাৰৰ শিৱৰাম পথত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, ২৮ অক্টোবৰ : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । এইবাৰ মহানগৰীৰ উজান বজাৰত উদ্ধাৰ মৃতদেহ ।উজান বজাৰৰ শিৱৰাম পথত এখন অটোত উদ্ধাৰ মৃতদেহটো।

জানিব পৰা মতে, মৃত যুৱকজনৰ নাম ৰূপম দাস। ঘৰ খাৰঘুলি বেলতলত বুলি চিনাক্ত কৰা হৈছে। ড্ৰাগছ আসক্ত আছিল ৰূপম দাস । ইয়াৰ পূৰ্বে ৰিহেব চেণ্টাৰত আছিল ৰূপম। ৬ মাহ পূৰ্বে ৰিহেব চেণ্টাৰত ৰাখিছিল পৰিয়ালে। পূজাত মাতৃয়ে ঘৰলৈ আনিছিল ৰূপমক(Deadbody recovered in Guwahati)।

বৃহস্পতিবাৰে বিয়লি ৪ বজাত ঘৰৰ পৰা ওলাই আহিছিল ৰূপম।কিন্তু শনিবাৰে এখন অটোত উদ্ধাৰ হয় ৰূপমৰ মৃতদেহ। এয়া এক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে ।

আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব এয়া হত্যাকাণ্ড নে অন্য কিবা ।

লগতে পঢ়ক :Dead body recovered : সোণাৰি খামলুং চাহ বাগিছাত উলংগ অৱস্থা উদ্ধাৰ যুৱকৰ মৃতদেহ