Local, Vocal, Global

Accident In Karnataka : ভয়ংকৰ পথ দুৰ্ঘটনা ;নিহত ১৫জনকৈ যাত্ৰীৰ

নেশ্যনেল ডেস্ক, ২৬অক্টোবৰ : ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত ১৫জনকৈ যাত্ৰী(Accident In Karnataka)।

বৃহস্পতিবাৰে কৰ্ণাটকৰ সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ কৰ্ণাটকৰ চিক্কাবল্লাপুৰৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাটোত ইতিমধ্যে ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক ৷

জানিব পৰা মতে, কৰ্ণাটকৰ চিক্কাবল্লাপুৰা চহৰৰ বাহিৰৰ অঞ্চলত এখন টাটা ছুমো গাড়ীয়ে স্থবিৰ হৈ থকা টেংকাৰত খুন্দা মাৰে। ঘন কুঁৱলীৰ বাবে গাড়ীখনৰ চালকে পথৰ কাষত টেংকাৰখন লক্ষ্য কৰিব নোৱাৰিলে ফলত যান-বাহন থানাৰ সন্মুখত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাটো (15 people killed as car rams into tanker on Chikkaballapura outskirts) ।

এই ভয়ংকৰ ঘটনাৰ ফলত আহতসকলক ততাতৈয়াকৈ স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়(15 people died in accident in Karnataka’s Chikkaballapur) ।

যান-বাহন আৰক্ষীয়ে উল্লেখ কৰা মতে, বাগেপালীৰ পৰা চিক্কাবল্লাপুৰলৈ গৈ আছিল এই যাত্ৰীসকল । ইফালে আহত কেইজনৰো অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে(15 people killed in road accident in Karnataka) ৷

লগতে পঢ়ক :Fire Break Out : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত জাহ গ’ল চাৰিটাকৈ গৃহ