Local, Vocal, Global

Guwahati drank alcohol worth Rs 22.05 crore during Durga Puja : পূজাৰ বতৰত সুৰাৰ বিক্ৰীয়ে গঢ়িছে অভিলেখ; তিনিটা দিনত মহানগৰীত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী

নিউজ ডেস্ক,২৫অক্টোবৰ : সুৰা বিক্ৰীৰ নতুন অভিলেখ সৃষ্টি কৰিলে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত । এইবাৰো দুৰ্গা পূজাত অসমৰ অৰ্থনীতি মজবুত কৰাত বৃহৎ যোগদান দিলে সুৰাপায়ীসকলে । দুৰ্গা পূজাৰ তিনিদিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ’ল ২২.৫কোটি টকাৰ সুৰা(Alcohol Worth Rs 22 Crore Sold In Guwahati During Durga Puja) ।

যেন সুৰা নহ’লে নচলে একাংশৰ বাবে । কোনো উৎসৱ পাৰ্বনত মুখ্য ভূমিকা পালন কৰে সুৰাই । নিতৌ বৃদ্ধি হৈ গৈ আছে সুৰাৰ বিক্ৰী । সুৰাৰ পৰা কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি আছে ।

প্ৰত্যেক বছৰেতে সুৰা বিক্ৰীৰ হাৰ বৃদ্ধি হৈছে । পূজাৰ নামত এইদৰে সুৰা ক্ৰয়ৰে একপ্ৰকাৰ অভিলেখ গঢ়িলে গুৱাহাটীৰ সুৰাপায়ীসকলে ।

কব’লৈ গ’লে এয়া আবকাৰী বিভাগৰ বাবে বৃহৎ সফলতা ।

সাৰদীয় দুৰ্গা পূজা । দুৰ্গা পূজাৰ আনন্দ উল্লাহৰ ব্যস্ত সকলো। তাৰ মাজতে ৰঙা পানী নহ’লে যেন নচলে । ইয়াৰ দায়িত্ব পালন কৰিছে আবকৰী বিভাগে । পিছ হুহকি যোৱা নাই আবকৰী বিভাগে । কাৰণ সুৰাৰ বিক্ৰীৰ সম্ভাৱনা বেছি উৎসৱ পাৰ্বনৰ দিনত(Alcohol Worth Rs 22 Crore Sold In Guwahati During Durga Puja) ।

পূজাৰ বতৰত সুৰাৰ বিক্ৰীয়ে গঢ়িছে অভিলেখ। অষ্টমী, নৱমী, দশমীত সুৰা বিক্ৰীত অভিলেখ। তিনিটা দিনতে মহানগৰীত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী। আবকাৰী বিভাগে প্ৰকাশ কৰিছে এই তথ্য।

সুৰাৰ পৰাই বছৰি প্ৰায় চাৰি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহ হয় । এক কথাত ক’বলৈ গ’লে অসমৰ অৰ্থনীতিত সুৰাপায়ীসকলৰ বিশেষ ভূমিকা আছে(Guwahati drank alcohol worth Rs 22.05 crore during Durga Puja) ।

লগতে পঢ়ক : BJP releases fourth list of candidates : ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ