Boat Fire on Congo River : যাত্ৰীবাহী নাৱত বিধ্বংসী অগ্নিকাণ্ড,নিহত ১৬গৰাকীকৈ যাত্ৰী
নেশ্যনেল ডেস্ক, ২৪অক্টোবৰ : ভয়ংকৰ ঘটনা । যাত্ৰীবাহী নাওত বিধ্বংসী অগ্নিকাণ্ড(Boat Fire on Congo River) । সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । আফ্ৰিকাস্থিত কংগো নদীত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।
সোমবাৰে কংগো নদীৰ ৰাজধানী পূব কিঞ্চাছাৰ পৰা মবান্দাকা চহৰলৈ গৈ থকা এখন ইন্ধন কঢ়িওৱা যাত্ৰীবাহী নাওত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷
জানিব পৰা মতে, এই অগ্নিকাণ্ড ফলত ১৬গৰাকীকৈ লোক নিহত হয়(16 people killed when a boat caught fire)।
প্ৰাদেশিক উপ-বিষয়া পাপী এপিয়াই এই খবৰ নিশ্চিত কৰি কয় যে, এই ঘটনাত এতিয়ালৈকে ১১ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও বহু লোক এতিয়াও সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে( 16 Killed in Boat Fire on Congo River) ৷
উল্লেখ্য যে, এই দুৰ্ঘটনাৰ দুদিন পূৰ্বে কংগো নদীত আন এক নাও দুৰ্ঘটনা সংঘটিত হৈছিল ৷ এই দুৰ্ঘটনাটোত ফলত প্ৰায় ৪০ জনকৈ লোক মৃত মুখত পৰিছিল । কংগো নদী আৰু দেশখনৰ হ্ৰদসমূহত নাও দুৰ্ঘটনাৰ ঘটনা প্ৰায় সংঘটিত হয় ৷ কিয়নো নদীখনত নাও অধিক আৰু প্ৰায়ে অত্যাধিক পৰিমাণে নাও ভৰ্তি হৈ থাকে। দেশখনৰ উত্তৰ-পশ্চিমৰ বেছিভাগ লোকে সুচল পথৰ অভাৱৰ লগতে নাও যাত্ৰা কম ব্যয়বহুল হোৱাৰ বাবে ভ্ৰমণ কৰিবলৈ জলপথ ব্যৱহাৰ কৰে(16 people killed when a boat caught fire in western Congo, as attacks rise in the east)।
লগতে পঢ়ক :Bangladesh Train Collision : ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; মৃত্যু ১৭জনৰ,আহত১০০ৰো অধিক