Defence Minister Rajnath Singh Visits Tawang : দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
নেশ্যনেল ডেস্ক, ২৪অক্টোবৰ : সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে তেজপুৰত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । সোমবাৰে দুদিনীয়া ভ্ৰমনেৰে তেজপুৰ আৰু অৰুণাচল প্ৰদেশত উপস্থিত হৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেজপুৰৰ শ’লমাৰাস্থিত সেনা ছাউনীত সেনাজোৱান সকলৰ সৈতে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে(Defense Minister Rajnath Singh commences 2 day tour of Assam, Arunachal) ।
সোমবাৰে তেজপুৰত মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতেই মন্ত্ৰী আৰু সেনা প্ৰধানৰ সন্মুখত ভাৰতীয় সেনাই ভাৰত চীন সীমান্তত সংঘটিত হোৱা এক দৃশ্য উপস্থাপন কৰে ৷ লগতে মন্ত্ৰী গৰাকীয়ে বিয়লি ভাগত তেজপুৰত উপস্থিত হৈ সেনাৰ চতুৰ্থ কৰৰ বিষয়া সকলৰ লগত আলোচনাত মিলিত হোৱাৰ পিছত তেজপুৰৰ শলমৰাৰ মেঘণা ষ্টেডিযাম ৭:৩০ বজাত উপস্থিত হয় ।
উল্লেখ্য যে, তেজপুৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে নিশা সেনাই আয়োজন কৰা বৰা খানাত অংশগ্ৰহণ কৰি সেনাই আয়োজন কৰা বিভিন্ন ৰং বিৰঙী অনুষ্ঠান উপভোগ কৰে ।এই অনুষ্ঠানত চতুৰ্থ কৰ্পছৰ অধীনত সেনাই ভাৰত চীন সীমান্ত অৰুণাচল প্ৰদেশৰ এলএচিত চীনা সৈন্যই বলপূৰ্বকভাৱে সীমান্ত অতিক্ৰম কৰি প্ৰৱেশ কৰিবলৈ কৰা অপচেষ্টা কিদৰে মষিমূৰ কৰিছিল তাৰ দৃশ্য উপস্থাপন কৰে(Defence Minister Rajnath Singh Visits Tawang To Celebrate Vijaydashami With Army Soldiers) ।
মঙলবাৰে টাৱাঙলৈ ৰাওনা হ’ব ৰাজনাথ সিং। টাৱাঙত সেনা জোৱানসকলৰ সৈতে বিজয়া দশমী আৰু দশেৰাৰ অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে মন্ত্ৰীগৰাকীয়ে টাৱাঙৰ ভাৰত-চীন সীমান্ত বুমলা পাছত উপস্থিত হৈ সেনাৰ লগত বাৰ্তালাপ কৰিব আৰু টাৱাং ৱাৰ মেম’ৰিয়েলত বীৰ সেনা জোৱান সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব(Defense minister Rajnath Singh in Tezpur, joins Barakhana) ।
ইফালে হামাছ আৰু ইজৰাইলৰ যুদ্ধ সন্দৰ্ভতো তেজপুৰত ভাৰতৰ স্থিতি স্পষ্ট সম্পৰ্কত মন্তব্য আগবঢ়াই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰোধীতা কৰিছে আৰু ভৱিষ্যতেও কৰিব বুলি উল্লেখ কৰি সমগ্ৰ বিশ্বই একগোট হৈ সন্ত্ৰাসবাদৰ বিৰোধীতা কৰিব লাগে মন্তব্য আগবঢ়াই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
তেজপুৰৰ মেঘনা ষ্টেডিয়ামত অনুষ্ঠিত উপস্থিত হৈ সেনাৰ লগত বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীকে লগতে অনুষ্ঠানত ভাৰতীয় সেনাৰ বীৰত্ব দেখি আপ্লুত হৈ ভাৰতীয় সেনাৰ পৰাক্ৰমৰ বিষয়ে গৌৰৱেৰে প্ৰশংসা কৰে ।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত কয়, “একমাত্ৰ দেশৰ সেনাৰ বাবে আমি শান্তিৰে আছো ৷ বৰ্তমান ভাৰতীয় সেনাৰ গৌৰৱ গাঁথা বিদেশত চৰ্চিত হৈছে । ইটালীৰ এক বিশেষ স্থানত ভাৰতীয় সেনাৰ বীৰ শ্বহীদৰ স্মাৰক আজিও সজীৱ হৈ আছে ৷ সেই স্মাৰকত শ্ৰদ্ধাঞ্জলি জনাবলৈ মই বহু দূৰ অতিক্ৰম কৰি উপস্থিত হৈছিলো(Defence Minister Rajnath Singh Visits Tawang To Celebrate Vijaydashami With Army Soldiers) ।”
লগতে পঢ়ক : Rajnath Singh embarks on two day visit to Assam : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী