Rhino menace in Darrang : দৰঙত গড়ৰ আতংক; বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ
দলগাওঁ ,২৩অক্টোবৰ : ৰাজ্যৰ এটা প্ৰান্তত গড়ৰ আতংক ৷ গড়ৰ আতংকত নিদ্ৰাহৰণ অঞ্চলবাসী । বন বিভাগে এই বিষয়ত গুৰুত্ব নিদিয়াৰ অভিযোগ ৷
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ কৰি আহিছে একাংশ ভুক্তভোগীয়ে। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।
ৰাজ্যত অব্যাহত আছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে এই সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই আমি শুনিবলৈ পাওঁ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতৰ কথা(Rhino menace in Darrang)।
খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী(Rhino menace in Darrang)।
এইবাৰ ৰাজ্যত গড়ৰ আতংক । গড়ৰ আতংকত সংকিত হৈ পৰিছে অঞ্চলবাসী । দৰঙৰ খেৰনি চাপৰিৰ আৰিমাৰীত গড়ৰ আতংক। শংকিত হৈ পৰিছে অঞ্চলবাসী৷
ইতিমধ্যে গড়ে নষ্ট কৰিছে খেতি পথাৰ।জানিব পৰা মতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে গড়টো। পূৰ্বেও গড়,বনৰীয়া গাহৰি ওলাই আহে এই অঞ্চললৈ। উপায়ন্তৰ হৈ অঞ্চলবাসীয়ে বাট চাইছে বন বিভাগলৈ৷ পিছে অভিযোগ অনুসৰি বৰ্তমানলৈকে বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাই ।
লগতে পঢ়ক : Tiger Roams Freely in Goreswar : ৰাজ্যত পুনৰ বাঘৰ মুক্ত বিচৰণ