Local, Vocal, Global

Operation Ajay : সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩অক্টোবৰ : সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’ ৷ দেওবাৰৰ নিশা 143 জন ভাৰতীয় নাগৰিকক লৈ ষষ্ঠখন ‘অপাৰেচন অজয়’ৰ বিমান নতুন দিল্লীত উপস্থিত হয় ।উক্ত বিমানখনত ভাৰতীয় নীগৰিকৰ লগতে আছিল দুজনকৈ নেপালী নাগৰিক । X যোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, “বিমানখনে 2 জন নেপালী নাগৰিককে ধৰি 143 জন যাত্ৰীক লৈ অৱতৰণ কৰিছে । বিমানবন্দৰত MoS @SteelMinIndia আৰু @MoRD_GoI @fskulaste ই যাত্ৰীসকলক আদৰণি জনায়(Operation Ajay) ।

‘অপাৰেচন অজয়’ৰ অধীনত সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ১৪৩ জন ভাৰতীয় । লৈ ষষ্ঠখন ‘অপাৰেচন অজয়’ বিমান সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰত অভিমুখে ৰাওনা হয়(Operation Ajay) । দেওবাৰে নিশা ‘অপাৰেচন অজয়’ৰ অধীনত ষষ্ঠখন বিমান ভাৰতলৈ ৰাওনা হয় বুলি জানিবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে( Sixth flight with 143 passengers, including two Nepalese citizens, arrives in New Delhi) ।

এক্সৰ এক পোষ্টৰ জড়িয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ গৰাকীয়ে কয়, “বিমানখনে ২ জন নেপালী নাগৰিককে ধৰি ১৪৩ জন যাত্ৰীক লৈ অৱতৰণ কৰিছে । বিমানবন্দৰত MoS @SteelMinIndia আৰু @MoRD_GoI @fskulaste ই যাত্ৰীসকলক আদৰণি জনায় । ” “নতুন দিল্লী বিমানবন্দৰত কেন্দ্ৰীয় তীখা আৰু গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী ফাগন সিং কুলাষ্টেয়ে যাত্ৰীসকলক আদৰণি জনায়(Sixth flight with 143 passengers) ৷

উল্লেখ্য যে , সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতীয়সকলক সুকলমে ওভতাই অনাৰ উদ্দেশ্যৰে আৰম্ভ হৈছিল ‘অপাৰেচন অজয়’ ৷ ইয়াৰ পূৰ্বে মঙলবাৰে ১৮ জন নেপালৰ নাগৰিককে ধৰি ২৮৬ গৰাকী ভাৰতীয় নাগৰিকক লৈ পঞ্চমখন বিমান নতুন দিল্লীত উপস্থিত হয় । এই পৰ্যন্ত ‘অপাৰেচন অজয়’ৰ অধীনত ১৮ জন নেপালী নাগৰিককে ধৰি প্ৰায় ১২০০ ভাৰতীয় যাত্ৰীক ইজৰাইলৰ পৰা নিৰাপদে ওভতাই অনা হৈছে ৷

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে প্ৰয়োজন অনুসৰি আৰু অধিক বিমান প্ৰেৰণ কৰা হ’ব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে হামাছৰ সৈতে চলি থকা যুদ্ধৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ইজৰাইলৰ পৰিস্থিতিৰ মূল্যায়ন কৰি আছে । অৰিন্দম বাগচিয়ে কয়, ” বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা নাই ৷ এগৰাকী ভাৰতীয় নাগৰিক আহত হৈছিল আৰু তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ ।

লগতে পঢ়ক : ‘Operation Ajay’: সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতলৈ উভতি চতুৰ্থখন বিমান