Local, Vocal, Global

Assam Chief Minister avoids question on Uttarakhand court’s summon : আদালতৰ চমন প্ৰশ্নৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কিয় মিচিকিয়া হাঁহিলে ?

নলবাৰী, ১৯অক্টোবৰ : আদালতৰ চমন প্ৰশ্নত মুখ্যমন্ত্ৰীৰ মিচিকিয়া হাঁহি । কিন্তু কিয় সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে মিচিকিয়া হাঁহি দিলে ।

বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নলবাৰীৰ ধমধমা আঞ্চলিক সাৰ্বজনীন দূৰ্গা পূজা শতবাৰ্ষিকী মহোৎসৱৰ সাংস্কৃতিক সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।এই সাংস্কৃতিক সমাৰোহত মুখ্যমন্ত্ৰীক সংগ দিয়ে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাঙ্ক তালুকদাৰে(Assam Chief Minister avoids question on Uttarakhand court’s summon) ।

ধমধমা আঞ্চনিক সাৰ্বজনীন দূৰ্গাপুজাৰ সাংস্কৃতিক সমাৰোহৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ।

ধমধমা আঞ্চনিক সাৰ্বজনীন দূৰ্গাপুজাৰ এই সমাৰোহত মুখ্যমন্ত্ৰীয়ে ভাষন প্ৰদান কৰে আৰু ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধমধমা আঞ্চলিক সাৰ্বজনীন দূৰ্গামন্দিৰ নিৰ্মান কৰাৰ বাবদ ৩০ লাখ টকা অনুদান আগবঢ়াব বুলি কয় ।

সাংস্কৃতিক সমাৰোহৰ অন্তত সাংবাদিকে মুখ্যমন্ত্ৰী বিভিন্ন প্ৰশ্ন কৰে আৰু তাৰ মাজতে উত্তৰাখণ্ডৰ আদালতৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ চমন অহা সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰে আৰু এই প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কোনো উত্তৰ নিদিয়ে আৰু মিচিকিয়াই হাঁহি মাৰি প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ আঁতৰি যায়।

উল্লেখ্য যে মঙলবাৰে উত্তৰাখণ্ডৰ এখন আদালতে কংগ্ৰেছ দলৰ এজন সদস্যই দাখিল কৰা মানহানিৰ গোচৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তৃতীয় বাৰৰ বাবে চমন জাৰি কৰে। যোৱা বছৰ ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰাখণ্ডত এখন সভাত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ শৰ্মাই কৰা ‘অপমানজনক’ মন্তব্যৰ কৰাৰ গুৰুতৰ অভিযোগ আছে ।

২০২২ চনৰ উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগ । এই অভিযোগৰ ভিত্তিতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুদ্ৰপুৰৰ উধম সিং নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ডঃ গণেশ উপাধ্যায়ে অভিযোগ দাখিল কৰিছিল । অভিযোগৰ ভিত্তিতে উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতে জাৰি কৰিছে চমন(Assam CM Himanta Biswa Sarma) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই অপমানসূচক মন্তব্যৰ ওপৰত কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ডঃ গণেশ উপাধ্যায়ে ৰুদ্ৰপুৰ উধম সিং নগৰ জিলা আৰু সত্ৰ আদালতত এটা অভিযোগ দাখিল কৰিছিল । ডঃ গণেশ উপাধ্যায়ে দাখিল কৰা অভিযোগৰ ওপৰত তেওঁৰ বিবৃতিও লিপিবদ্ধ কৰা হৈছে ।”২০২২ চনত উত্তৰাখণ্ডত বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনৰ ১১ ফেব্ৰুৱাৰীত ৬৭ কিচ্ছা বিধানসভা সমষ্টিৰ কিচ্ছা নগৰত অৱস্থিত তহচিল কাৰ্যালয়ৰ সন্মুখত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল । সেই সময়ত দিনৰ প্ৰায় ১ মান বজাত এখন ৰাজহুৱা সভা সম্বোধন কৰিছিল । তাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কংগ্ৰেছ নেতা তথা তেতিয়াৰ সাংসদ ৰাহুল গান্ধীৰ নাম লৈ ‘আপুনি কোন পিতৃৰ সন্তান, আমি প্ৰমাণ বিচাৰিছোঁ নেকি’ বুলি কৈছিল ।সশস্ত্ৰ বাহিনীৰ ওপৰত প্ৰশ্ন কৰিবলৈ আপোনাক অধিকাৰ কোনে দিলে”(Court notice to Assam CM Himanta Biswa Sarma )।

লগতে পঢ়ক :Age Limit for Assam Police Sub-Inspector Role Extended : অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত