Local, Vocal, Global

Incident in Nagaon : এগৰাকী শিক্ষা বিষয়াই ২০ বছৰে একেৰাহে একেখন চকীত বহী থকাৰ অন্তৰালত ৰহস্য কি ?

ধিং, ১৮অক্টোবৰ : এগৰাকী শিক্ষা বিষয়া । বিগত ২০বছৰে একেৰাহে আছে এটা পদত কিন্তু কেনেকৈ ? কাৰ আৰ্শীবাদত এই গৰাকী শিক্ষা বিষয়াই আছে একেটা পদতে ?

নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত হৈছে এই ঘটনাৰ । নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যলয়ৰ এজন শিক্ষা বিষয়াই বিগত ২০বছৰে একেটা পথতে বহি আছে( Incident in Nagaon) ।

অভিযোগ অনুসৰি , শিক্ষা বিষয়া বাহাৰুল ইছলাম বিগত ২০টা বছৰে বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়াৰ চকীত ৰাজত্ব চলাই আহিছে । কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ অতিকৈ ঘনিষ্ঠ হৈ থকা শিক্ষা বিষয়া বাহাৰুল ইছলামে সেই সময়ত ১৩টা বছৰ একেখন চকীত কাৰ্যবাৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল । কিন্তু পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৬ চনত বিজেপি চৰকাৰে শাসনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ অতিকৈ ঘনিষ্ঠ হৈ পৰিছিল শিক্ষা বিষয়া বাহাৰুল ইছলাম । তাৰেই সুবাদতে আজি পৰ্যন্ত অৰ্থাৎ আজি ২০ টা বছৰে একেৰাহে একেখন চকীত ৰাজত্ব কৰিবলৈ সক্ষম হৈছে শিক্ষা বিষয়া বাহাৰুল ইছলাম(Corruption of Education Department) ।

কিন্তু আচৰিত কথাটো হ’ল যে, বিগত কংগ্ৰেছ চৰকাৰ অথবা বৰ্তমানৰ বিজেপি চৰকাৰৰ কাৰ্যকালত কোনো চৰকাৰী নীতি-নিয়মে চকীৰ পৰা হিলাব নোৱাৰিলে এইগৰাকী শিক্ষা বিষয়াক ।

সম্প্ৰতি সততে প্ৰশ্ন উখাপন হৈছে , কাৰ আৰ্শিবাদত আজি ২০টা বছৰে শিক্ষা বিষয়া হিচাপে একেখন চকীতে একেৰাহে ৰাজত্ব কৰিবলৈ সক্ষম হৈছে ? কোন মন্ত্ৰী বা বিধায়কৰ আৰ্শিবাদপুষ্ট এইগৰাকী শিক্ষা বিষয়া ?

অকল এয়াই নহয়, এইগৰাকী শিক্ষা বিষয়াৰ বাবেই বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত একাংশ বিদ্যালয়ত বছৰ বছৰ ধৰি বৃহৎ বৃহৎ দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হৈ অহাৰো অভিযোগ সঘনাই উখাপন হৈছে ।

এইগৰাকী শিক্ষা বিষয়া বাহাৰুল ইছলামৰ আৰ্শীবাদত একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু একাংশ বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে বিশেষকৈ মধ্যাহ্ন ভোজনৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ আন্তঃগাথনি, বিদ্যালয় পৰিচালনা সমিতি, ছাত্র-ছাত্ৰীৰ ইউনিফৰ্ম, সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপানীৰ ধনলৈকে বৃহৎ দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে ।

তদুপৰি একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ বিষয়ে ৰাইজে বাৰম্বাৰ অভিযোগ কৰাৰ লগতে সংবাদ মাধ্যমত বাৰে বাৰে প্ৰকাশ পোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে, একাংশ দুৰ্নীতি পৰায়ন প্ৰধান শিক্ষকক ৰক্ষণাবেক্ষণ দিয়ে এইজন শিক্ষা বিষয়া বাহাৰুল ইছলামে । ইয়াৰ ওপৰিও এইগৰাকী শিক্ষা বিষয়া বাহাৰুল ইছলামৰ পচন্দ মতেই গঠন হ’ব লাগে বহু বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু পৰিচালনা সমিতিৰ সভাপতি । তাতোকৈ ডাঙৰ বিষয়টো এই যে, এইজন শিক্ষা বিষয়া বাহাৰুল ইছলাম নিজেই বহু কেইখন বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৈ থকা বুলিও বিভাগীয় এক সূত্ৰই জানিবলৈ দিছে ।

ইফালে, সংখ্যালঘু ছাত্র-ছাত্ৰীৰ জলপানীৰ ধনৰ নামত ধিং-বটদ্ৰৱাৰ অধিকাংশ বিদ্যালয়ত কোটি কোটি টকা কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ প্ৰায়েই উখাপন হৈ আহিছে । লগতে ছাত্র-ছাত্ৰীৰ ইউনিফৰ্মৰ নামতো বছৰ বছৰ ধৰি সংঘটিত হৈ আহিছে কোটি কোটি টকাৰ কেলেংকাৰী । বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বহু বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত চলে কেৱল কমিচনৰ অংক । মুঠৰ ওপৰত বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ৰ শিক্ষা বিষয়া বাহাৰুল ইছলামে একেৰাহে ২০টা বছৰ একেখন চকীত ৰাজত্ব চলোৱাৰ আৰঁত আছে বহু দস্তাবেজ ।

লগতে পঢ়ক :BJP Releases List of 12 Candidates : বিজেপিৰ ১২ জনীয়া প্ৰাৰ্থী নাম প্ৰকাশ