Local, Vocal, Global

Israel Hamas War : এক অবৰ্ণনীয় পৰিৱেশ গাজাত; ইজাইলৰ আক্ৰমণত যেন সৰ্বস্ব হেৰুওৱাই পেলাইছে পেলেষ্টাইনীয়ে

নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ : যুদ্ধবিধ্বস্ত গাজাত এমুঠি অন্নৰ বাবে হাহাকাৰ আৱাসীৰ ৷

এমুঠি খাদ্যৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে গাজাবাসীৱে । ইজাইলৰ আক্ৰমণত যেন সৰ্বস্ব হেৰুওৱাই পেলাইছে পেলেষ্টাইনীয়ে । গাজাক প্ৰতিশোধ লব’লৈ ইজৰাইলে বন্ধ কৰি দিছে খাদ্য যোগান ।

অব্যাহত আছে ইজৰাইলৰ বিমান আক্ৰমণ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । এই যুদ্ধই ইতিমধ্যে ৯ দিনত ভৰি দিছে । আনহাতে ইজৰাইলৰ সমান্তৰালকে হামাছ উগ্ৰপন্থীয়ে ইজৰাইল-লেবানন সীমান্তত ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে((Israel Hamas War) ৷

সংঘাতজৰ্জৰ এই পৰিস্থিতিত পানী, বিদ্যুতকে ধৰি বিভিন্ন মৌলিক অভাৱত ভুগিবলগীয়া হৈছে গাজাবাসী । এনে পৰিস্থিতিত ১০লাখ মানুহে ঘৰ এৰি গৈছে । এক অবৰ্ণনীয় পৰিৱেশ গাজাত । এটুপী পানীৰ বাবে হাহাকাৰ কৰিছে গাজাবাসী । অন্ধকাৰত ডুব গৈছে গাজাবাসী(Israel Hamas war rages as crisis in Gaza deepens) ।

উল্লেখ্য যে, ১৫ অক্টোবৰতেই গাজাৰ চিকিৎসালয়সমূহত ইন্ধন শেষ হোৱাৰ উপক্ৰম ঘটিছে বুলি চিকিৎসকসকলে সতৰ্কবাণী জাৰি কৰিছিল ৷ অচিৰেই চিকিৎসায়লসমূহত বিদ্যুৎ কৰ্তন হোৱাৰ কথাও ব্যক্ত কৰিছিল । ফলত চিকিৎসক সকলে ৰোগীসমূহৰ বাবে চিন্তিত হৈ পৰিছে ৷

ইজৰাইলে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰৱেশ বন্ধ কৰাৰ এসপ্তাহৰ পিচতেই সকলোৰে দৃষ্টি নিৱদ্ধ আছিল ইজিপ্ত আৰু গাজাৰ একমাত্ৰ সংযোগীস্থল ৰাফা ক্ৰছিঙৰ ওপৰত ৷ যুদ্ধবিধ্বস্ত দুয়োখন দেশৰ মধ্যস্থতাকাৰীসকলে আৱদ্ধ কৰি ৰখা বিদেশী লোকসকলক এৰি দিয়াৰ চৰ্তৰে যুদ্ধবিৰতিত সিদ্ধান্তত উপনীত হ’বলৈ চেষ্টা কৰিছিল, কিন্তু সেয়া সফল নহ’ল ৷ তাৰ পিচতে ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত বিগত সপ্তাহত ৰাফা ক্ৰছিং বন্ধ কৰি দিবলৈ বাধ্য হৈছিল ৷

লগতে পঢ়ক :US President Joe Biden to visit Israel on Wednesday : ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বৃহৎ সিদ্ধান্ত