Local, Vocal, Global

Elephant menace in Goalpara : গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ; বনৰীয়া হাতীৰ আক্ৰমণত নিহত মহিলা

নিউজ ডেস্ক, ১৭অক্টোবৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Goalpara)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

এইবাৰ গোৱালপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ । মঙলবাৰে গোৱালপাৰাৰ ভালুকডুবিত সংঘটিত হয় এক শোকাৱহ ঘটনা।মঙলবাৰে হাতীৰ আক্রমণত নিহত হয় এগৰাকী মহিলা। নিহত মহিলাগৰাকীৰ নাম মেহুবুবা আলম আহমেদ বুলি জানিব পৰা গৈছে।মৃত মহিলাগৰাকীৰ ঘৰ গোৱালপাৰা চহৰৰ কল্পনা নগৰত।প্রাতঃভ্রমণ কৰিবলৈ যাওঁতে বন্যহস্তীয়ে আক্রমণ কৰে মহলিগৰাকীক(Woman Killed after Being Attacked by Elephant in Goalpara)।

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় অসম বন বিভাগৰ বিষয়াৰ এটা দল। ইয়াৰ পিছতে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ছ’লেচ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : Man Elephant conflict : বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল বনকৰ্মীৰ, লগতে গুৰুতৰভাৱে আহত তিনিজন বনকৰ্মী