Local, Vocal, Global

Daily Horoscope for 16th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটোত আপোনাক ফুৰ্ত্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। অকল ভালকৈ ভাৱি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হব । পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। প্ৰেমৰ ফালৰ পৰা এটা বিশেষ দিন। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব(Daily Horoscope)।

বৃষ ৰাশি : আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। বিপদৰ সময়ত আপোনাৰ জন আত্মীয়ই সহায় কৰিছিল সিহঁতলৈ কৃতজ্ঞতা জ্ঞাপন কৰক, আপোনাৰ এই সৰু কামে সিহঁতৰ উৎসাহ বৃদ্ধি কৰিব । কৃতজ্ঞতা জীৱনৰ সুগন্ধক বিলাই আৰু অকৃতজ্ঞতাক নিঃশেষ কৰি দিয়ে। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হব পাৰে। যদি তেখেত খঙত থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হব পাৰিব।

মিথুন ৰাশি : সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয় ভাৱে আপোনাক বিচলিত কৰি তুলিব পাৰে, নিজৰ আত্ম বিশ্বাসক বঢ়াওক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী। যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। সন্তানক সিহঁতৰ লগত জড়িত বিষয়বোৰত সহায় কৰাটো আৱশ্যকীয়। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। কম সময়ৰ পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতাৰ বৃদ্ধি কৰক।

কৰ্কট ৰাশি : জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাহিঁ বিৰিঙাবলৈ সক্ষম হব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। আজি আপুনি আপোনাৰ উদ্দেশ্যক সফল কৰাত সফল হব ,যদি কামটো কৰিবৰ বাবে বেলেগৰ সহায় লয় যদি। যদি আপুনি দীঘলীয়া সময়ৰ পৰা আপোনাৰ জীৱনত কিবা আকৰ্ষণীয় ঘটনা এটা হোৱাৰ বাবে অপেক্ষা কৰি আছে ,তেন্তে নিশ্চয় আপুনি তাৰ সংকেত আগতীয়াকৈ দেখা পাব পাৰে। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।

সিংহ ৰাশি : দূৰণিবটীয়া যাত্ৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিক ভাৱে নিজকে সুস্থ কৰি তুলিছে ,যিয়ে আপোনাক বহুত লাভান্বিত কৰিব। ব্যস্ত দিনযোৰা স্বত্তেও আপুনি ভাগৰুৱা অনুভৱ নকৰিব। বাকীদিনৰ তুলনাত আজিৰ দিনটো আৰ্থিকভাৱে আপোনাৰ বাবে ভাল বুলি পৰিগণিত হব আৰু আপোনাক পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰাপ্তি হব। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব।

কন্যা ৰাশি : বাহিৰত অৰ্থাত যেতিয়া খোলা দোকান সমুহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়া প্ৰয়োজন । তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ’ব ,কাৰণ অধিক মানসিক কষ্ট পাব পাৰে। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। যদি আপুনি নিজৰ আকৰ্ষিত প্ৰকৃতি আৰু বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰে তেন্তে বেলেগ মানুহৰ পৰাও আপুনি মনে বিচৰা ব্যৱহাৰ লাভ কৰিব পাৰে। মনত ৰাখিব মানুহৰ চকুয়ে কেতিয়াও মিছা কথা নকয়।আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সঁচাকৈয়ে এক বিশেষ কথা কৈ যাব। আজি আপোনাৰ জীৱন সংগী বহুত সুখী বুলি আপোনাৰ অনুভৱ হব। আপুনি অকল বৈবাহিক জীৱন ৰ যোজনা সমূহত তেখেতক সহায় কৰিলে হল।

তুলা ৰাশি : জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত আপুনি সাহসিকতা আৰু শক্তি দেখুওৱাৰ প্ৰয়োজন আছে। ধনাত্মক চিন্তা ধাৰাৰ জৰিয়তে আপুনি এই বাধাসমূহ পাৰ কৰিব পাৰিব। বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰ প্ৰদান কৰিব পাৰে। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব । আপোনাৰ এনেকুৱা ব্যৱহাৰ আপোনাৰ পৰিয়ালক দুখ দিব পাৰে , আনকি সম্বন্ধতো দূৰত্ব আহি যাব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন আপোনাক কিমান ভাল পায়! আপোনাৰ কাম কৰাৰ শৈলী কিছুমান সহকৰ্মী একদমে পচন্দ নকৰিব ,কিন্তু আপোনাক সিহঁত এই বিষয়ে নকব , যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি ভৱামতে নাহিব তেন্তে আপুনি যোজনাক আকৌ বিশ্লেষণ কৰি আকৌ তাত শুধৰণি কৰিব পাৰে। কেতিয়াব মোবাইল চলাওতে চলাওতে সময়ৰ ক্থা মনতে নাথাকে , সময় অপচয় কৰাৰ পিছত আপোনাৰআনুভৱ হয় যে আপুনি ভুল কাম কৰিলে।

বৃশ্চিক ৰাশি : মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত, তেতিয়াহে সৰ্বাংগীন বিকাস সম্ভৱ । মনত ৰাখিব সুস্থ চিন্ত ধাৰা অকল সুস্থ শৰীৰতহে নিবাস কৰে। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। যদি আপুনি নিজৰ প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়ে তেন্তে তেখেত বেয়া পাব পাৰে অথবা খঙো কৰিব পাৰে। ভালকৈ পঢ়ি নাচাই যিকোনো ব্যৱসায়িক অথবা আইনী দলিলত চহী নকৰিব। আজি আপুনি গোটেই দিন পৰিয়ালৰ লগত সময় কটাব ফলত আপুনি সম্বন্ধৰ বান্ধ কেনেকুৱা বুজি পাব। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হহোৱাৰ সম্ভাৱনা আছে। কিন্তু অন্তত সকলো বাক-বিতণ্ডতা ভাল হৈ যাব।

ধনু ৰাশি : ক্ষনিক আবেগত ভাহি কোনো নিৰ্ণয় নলব ,ই আপোনাৰ সন্তানৰ হানি কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আজি আপোনাৰ জীৱন প্ৰেমৰ বাবে এনেই সুগন্ধৰে মল-মলাই থাকিব। আজি বিশ্ৰাম কৰিবৰ বাবে বহুত কম সময় ,কাৰণ প্ৰথমতে থৈ দিয়া কাম আজি আপোনাক ব্যস্ত ৰাখিব। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তু বোৰৰ অনুভৱ আপুনি আজি কৰিব ।

মকৰ ৰাশি : গৰ্ভৱতী মহিলা সমুহ ঘুৰা-ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ ,যদি সম্ভৱপৰ হয় ধুম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক,কাৰণ ইয়াৰ ফলত হোৱা ধোৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব পাৰে। দীৰ্ঘৱতী লাভৰ বাবে ষ্টোক আৰু মিছুয়েল ফাণ্ড ইত্যাদিত নিৱেশ কৰক আৰু অধিক সুৰক্ষিত অনুভৱ কৰক। আপোনাৰ সন্তান আৰু পৰিয়াল আপোনাৰ দিনৰ কেন্দ্ৰ বিন্দু হব। আজি আপুনি কৰোবাত ফুৰিব যাব পাৰে ,ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব।

কুম্ভ ৰাশি : কোনোবা কাজিয়াখোৰ ব্যক্তিৰ লগত হোৱা বাদ বিবাদে আপোনাৰ মন বেয়া কৰিব পাৰে। জ্ঞানী দৰে চিন্তা কৰক আৰু যিমান দূৰ সম্ভৱ এইবোৰৰ পৰা আতৰি ফুৰক কাৰণ এইবোৰে আপোনাৰ একো ভাল নকৰিব। আপোনাৰ মন ত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। পূৰ্ব পূৰুষৰ সম্পত্তিৰ খবৰ আপোনাৰ আৰু পৰিয়ালৰ বাবে সুখৰ খবৰ আনিব পাৰে। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। আপুনি সফলতা নিশ্চয় লাভ কৰিব, অকল এটা এটা জৰি গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক। যাত্ৰাৰ ফলত সোনকালে লাভ নহ’ব কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ খুটি পুতিব পাৰে। আত্মত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে।

মীন ৰাশি : মাদক দ্ৰব্য সেৱনৰ পৰা অৱসৰ লোৱাৰ এইটোয়ে ভাল দিন ।আপুনি বুজিব লাগে যে মাদক দ্ৰৱ্য সেৱন শৰীৰৰ বাবে ক্ষতিকাৰক আৰু ইয়ে আপোনাৰ ক্ষমতা আৰু দক্ষতাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধিয়ে আপোনাৰ মনৰ অশান্তি ভংগ কৰিব পাৰে। দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগ বাঢ়িব । সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ বা কৰাৰ পৰা বিৰত থাকক। আজিৰ দিনটোয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমাণ্টিক ভাৱনা সমূহ সম্পূৰ্ণ ৰূপে দেখুৱাব ।