‘Operation Ajay’: সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতলৈ উভতি চতুৰ্থখন বিমান
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ : ‘অপাৰেচন অজয়’ৰ অধীনত ২৭৪ জন ভাৰতীয়ক লৈ চতুৰ্থখন বিমান সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰত অভিমুখে ৰাওনা হয়(Operation Ajay) । দেওবাৰে পুৱা ‘অপাৰেচন অজয়’ৰ অধীনত
চতুৰ্থখন বিমান ভাৰতলৈ ৰাওনা হয় বুলি জানিবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে (Fourth Flight With 274 Indians Onboard Reaches Delhi From Israel’s Tel Aviv)।
এক্সৰ এক পোষ্টৰ জড়িয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় ….ইজৰাইলৰ পৰা এদিনৰ ভিতৰত ভাৰতলৈ ৰাওনা হোৱা এইখন দ্বিতীয়খন বিমান।টেল আভিভৰ পৰা ২৭৪ জন যাত্ৰী কঢ়িয়াই ৰাওনা হয়।
উল্লেখ্য যে, “ইজৰাইলত থকা ৮ হাজাৰ ভাৰতীয়ক ঘূৰাই অনাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল ‘অপাৰেচন অজয়’ অভিযান । হামাছৰ সন্ত্ৰাসবাদীৱে সীমান্ত ভংগ কৰাৰ ফলত ১৩০০ৰো অধিক ইজৰাইলী নিহত হয় আৰু এই আক্ৰমণৰ এসপ্তাহতকৈও অধিক সময় পাৰ হৈ গ’ল। ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণৰ ফলত ১০০০ৰো অধিক পেলেষ্টাইনীও নিহত হয়। ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় কোম্পানীসমূহক সাহায্য প্ৰদান কৰাৰ লগতে সাহায্যৰ প্ৰয়োজন হোৱা ভাৰতীয় নাগৰিকসকলৰ বাবে হেল্পলাইন নাম্বৰ মুকলি কৰিছে।
ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছিল । এই নিয়ন্ত্ৰণ কক্ষই পৰিস্থিতি নিৰীক্ষণ কৰাত সহায় কৰাৰ লগতে প্ৰয়োজনীয় তথ্য আৰু সহায় আগবঢ়াব(Fourth flight with 274 Indians onboard departs from Israel’s Tel Aviv) ।
ইয়াৰ পূৰ্বে দেওবাৰে ‘অপাৰেচন অজয়’ৰ অধীনত ইজৰাইলৰ পৰা ১৯৭ গৰাকী ভাৰতীয় নাগৰিকক লৈ তৃতীয়খন বিমান ৰাজধানী দিল্লীত উপস্থিত হয় । ইজৰাইলৰ পৰা অহা ভাৰতীয় নাগৰিকক দিল্লী বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে ।ইজৰাইলৰ টেল আভিভৰ পৰা ২৩৫ জন ভাৰতীয় নাগৰিক কঢ়িয়াই অনা দ্বিতীয়খন বিমান, শনিবাৰে পুৱা নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ বিপৰীতে শুকুৰবাৰে ১১২ জন ভাৰতীয় যাত্ৰী কঢ়িয়াই অনা প্ৰথমখন বিমান দিল্লীত অৱতৰণ কৰে ।
ইজৰাইলত আৱদ্ধ হৈ থকা লোকসকলে তেওঁলোকক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনায় । উভতি অহা যাত্ৰীসকল মূলতঃ ইজৰাইলত থকা আৰু কৰ্মসূত্ৰে বসবাস কৰা ভাৰতীয় ।
লগতে পঢ়ক :Death Threat Sameer Wankhede: শ্বাহৰুখ খানৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা সমীৰ ৱানখেডেক মৃত্যুৰ ভাবুকি