Drugs peddler arrested : নগাঁৱত জব্দ বৃহৎ পৰিমানৰ হেৰ’ইন
কামপুৰ, ১৫অক্টোবৰ : নগাঁৱত জব্দ বৃহৎ পৰিমানৰ হেৰ’ইন । নগাঁও জিলাৰ কঠিয়াতলীত আৰক্ষীৰ এণ্টি নাৰ্কটিক্স অভিযান। এই অভিযানতে আৰক্ষীয়ে জব্দ কৰে নিচাযুক্ত সামগ্ৰীৰ ।
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে একাংশই ৰাজ্যত অব্যাহত ৰাখিছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested) । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী (Drugs peddler arrested in Nagaon)।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
এইবাৰ নগাঁৱত জব্দ বুজন পৰিমাণৰ হেৰ’ইন । শনিবাৰে নগাঁও জিলাৰ কঠিয়াতলীত আৰক্ষীয়ে এণ্টি নাৰ্কটিক্স অভিযান চলাই । গোপন সূত্ৰৰ ভিত্তিত কঠিয়াতলী পহৰাচকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকু বৰ্মনৰ নেতৃত্বত চলাইছিল এই অভিযান । আৰক্ষীয়ে এই অভিযানত প্ৰায় ৩৪টা চাবোনৰ বাকচত ৪৫০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ।
এই অভিযানত আৰক্ষীয়ে নিষিদ্ধ হেৰ’ইন জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । আটক কৰা লোকজন চুৱাৰ খাইৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে ।
ডৱকাৰ পৰা নগাঁও অভিমুখে গৈ থকা AS 02 AK 2848 নম্বৰৰ এখন এল্ট’ গাড়ীৰ পৰা জব্দ কৰে ড্ৰাগছ খিনি ।
লগতে পঢ়ক :Made in Nagaland app launched : নাগালেণ্ডত মুকলি ধন দাবী আৰু ড্ৰাগছৰ সৰবৰাহ নিৰ্মূলৰ এপ