Local, Vocal, Global

Bihar Train Accident : ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ সম্পৰ্কে উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ

নেশ্যনেল ডেস্ক, ১২অক্টোবৰ : বুধবাৰে নিশা বিহাৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । এই শোকাৱহ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।লগতে এই দুৰ্ঘটনাৰ ফলত হোৱাৰ নিহত হোৱা লোকসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে নিহত লোকসকলৰ পৰিয়াললৈ ক্ষতিপূৰণো ঘোষণা কৰে ।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ঘোষণা কৰে যে, ৰে’ল দুৰ্ঘটনাত নিহত সকলৰ আত্মীয়সকলক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব । একে সময়তে, আঘাতপ্ৰাপ্ত যাত্ৰীসকলক ক্ষতিপূৰণ হিচাপে ৫০ হাজাৰকৈ টকা প্ৰদানৰ কথাক কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে দুৰ্ঘটনাৰ সময়ৰ পৰাই দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰন্তৰ নিৰীক্ষণ কৰি আছে আৰু ঘটনাস্থলীত উপস্থিত হৈ আহত যাত্ৰীসকলক চিকিৎসালয়লৈ লৈ যোৱা আৰু সুবিধা প্ৰদান কৰাৰ বাবে সকলো কাম কৰা হৈছে ।

নীতিশ কুমাৰে এই ঘটনাৰ সম্পৰ্কত কয় যে তেওঁ অটল বিহাৰী বাজপেয়ী চৰকাৰত ৰে’ল মন্ত্ৰী আছিল আৰু সেই সময়ত ৰে’ল দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ তেওঁ বহু কাম কৰিছিল । ফলস্বৰূপে ৰে’ল দুৰ্ঘটনা হ্ৰাস পাইছে বুলি তেওঁ দাবী কৰে । এনে ধৰণৰ ঘটনা যাতে প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে ৰে’ল বিভাগে মনোযোগ দিয়া উচিত বুলিও তেওঁ দাবী কৰে ।মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মতে বক্সাৰৰ দুৰ্ঘটনাটোৰ পাছত জিলা প্ৰশাসনৰ লোকসকল সাহায্যৰ কামত নিয়োজিত হৈ আছে । একে সময়তে, উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে আৰু সকলো সম্ভৱ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে । আনহাতে এই ৰে’ল দুৰ্ঘটনাটোৰ তদন্তৰো ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে, বুধবাৰে নিশা বিহাৰৰ ৰঘুনাথপুৰত সংঘটিত হৈছিল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । বুধবাৰে নিশা প্ৰায় ৯-৩৫ বজাত গুৱাহাটী অভিমুখী ১২৫০৬ নম্বৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ নামৰ ৰে’লখন দুৰ্ঘটনাত পতিত হয়। নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লৰ ২১টাকৈ ডবা লাইনচ্যুত হয় ফলত পাঁচজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হয়(Bihar Train Accident)। জানিব পৰা মতে ৰে’লখনত অধিকাংশই অসমৰ যাত্ৰী আছিল ।

দুৰ্ঘটনাটোত ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে যদিও বৰ্তমানলৈ ৪ গৰাকীৰ মৃত্যু নিশ্চিত হৈছে । নিহতসকলৰ ভিতৰত আছে এগৰাকী মাতৃ আৰু তেওঁৰ ৮ বছৰীয়া কন্যা, আনহাতে বাকী দুজন যুৱক বুলি জানিব পৰা গৈছে ।নিহত সকলৰ ভিতৰত আছে ৩৩ বৰ্ষীয় ঊষা ভাণ্ডাৰী আৰু ৮ বছৰীয়া কন্যা আকৃতি। দুয়োগৰাকী অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ বাসিন্দা আছিল । মাতৃ-কন্যাৰ লগতে স্বামী আৰু পৰিয়ালৰ লোকসকলে দিল্লীৰ পৰা অসমলৈ যাত্ৰা কৰি আছিল । আন এজন নিহত বিহাৰৰ কিষাণগঞ্জৰ সপ্তেয় বিষ্ণুপুৰৰ বাসিন্দা ২৭ বছৰীয়া জাইদ বুলি চিনাক্ত কৰা হৈছে । চতুৰ্থ জন মৃতকৰ নাম নৰেন্দ্ৰ বুলি জানিব পৰা গৈছে । আনহাতে আহত যাত্ৰীসকলক বক্সাৰ, ভোজপুৰ আৰু পাটনা এইমছত ভৰ্তি কৰোৱা হৈছে(4 Dead, 70 Injured After North East Express Train Derails in Bihar’s Buxar) ।

লগতে পঢ়ক : Bihar Train Accident : ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত অসমৰ মাতৃ-কন্যা