Local, Vocal, Global

Illegal Teer Business : মহানগৰীৰ বশিষ্ট চাৰিআলিত চলিছে অবৈধ তীৰৰ ৰমৰমীয়া বেহা

নিউজ ডেস্ক, ১২অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধ বেহা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ চলি আছে নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া বেহা । আৰক্ষীয়ে যিমানে সষ্টম হৈছে সিমানে অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে । অপৰাধীয়ে দৈনিক ন ন পদ্ধতিৰে চলাই আছে অপৰাধ । অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে অবৈধ সামগ্ৰীৰ ৰমৰমীয়া বেহা(Illegal Teer Business)।

আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে । আৰক্ষীক যেন কেৰেপ নকৰে একাংশ লোকে । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই অবৈধ সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও চলি আছে অবৈধ বেহা ।

এইবাৰ একাংশ দুষ্ট চক্ৰই নামিছে তীৰৰ বেহাত । মহানগৰৰ বশিষ্ট চাৰিআলিত অবৈধ তীৰৰ বেহা । কেৰেপ নকৰে আৰক্ষী-প্ৰশাসনকো ।

উল্লেখ্য যে, মহানগৰীৰ বশিষ্ট চাৰিআলিত চলিছে অবৈধ তীৰৰ ৰমৰমীয়া বেহা । এফালে মুখ্যমন্ত্ৰী গৰাকী যিমানেই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ বিপৰীতে সিমানেই মুখ্যমন্ত্ৰীৰ গৃহ বিভাগক বুঢ়া আঙুলি দেখুৱাইছে একাংশ অবৈধ তীৰ মাফিয়াই। বশিষ্ট চাৰিআলি অঞ্চলত অবৈধ তীৰৰ সাম্ৰাজ্যৰ নেপথ্যত আছে অভিজিত।

কোন এই অভিজিত ? কাৰ আশীৰ্বাদ পুষ্ট হৈ অভিজিতে চলাই গৈছে তীৰৰ অবৈধ তীৰৰ ৰমৰমীয়া সাম্ৰাজ্য ? দিন দুপৰতেই ৰাজহুৱা স্থানত Oncemera তীৰ কাটিছে এইজন ৰকীৰ এজেণ্টে।

বশিষ্ঠ চাৰি আলীৰ মাজ মজিয়াত থকা “Om mobile repairing” নামৰ প্ৰতিষ্ঠান খনৰ গইনা চলাই আছে তীৰৰ ৰমৰমীয়া বেহা। নাই মুখ্যমন্ত্ৰীৰ স্মাৰ্ট আৰক্ষীলৈ কোনো ভয়।

এই ঘটনাৰ সম্পৰ্কত হাতিগাওঁ আৰক্ষীয়ে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষণীয় ?

লগতে পঢ়ক : Sextortion in Bhubaneswar: ডেটিং এপত চিনাকী তাৰ পিছত হাই হেল্লো আৰু আৰু তাৰ পিছত