Local, Vocal, Global

PM Modi to inaugurate P20 Summit on October 13 : শুকুৰবাৰে উদ্বোধন কৰা হ’ব নৱম পি-২০ সন্মিলন

নেশ্যনেল ডেস্ক, ১২অক্টোবৰ : নৱম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (পি-২০)ৰ উদ্বোধন(PM Modi to inaugurate 9th G-20 Parliamentary Speakers Summit) । ১৩ অক্টোবৰ অৰ্থাত শুকুবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নৱম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন । এই উপলক্ষে আজি আয়োজন কৰা হৈছে এক অনুষ্ঠান । অনুষ্ঠানত উপস্থিত থাকিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা(PM Modi to inaugurate P20 Summit on October 13) ।

জানিব পৰা মতে, জি-২০ দেশৰ সংসদৰ প্ৰিজাইডিং অফিচাৰৰ উপৰিও আমন্ত্ৰিত দেশৰ সংসদৰ প্ৰিজাইডিং অফিচাৰেও এই সন্মিলনত অংশগ্ৰহণ কৰিব ।

উল্লেখযোগ্য যে, নতুন দিল্লীৰ যশোভূমী দ্বাৰকাত নৱনিৰ্মিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰ (আই আই চি চি)ত অনুষ্ঠিত হ’ব পি-২০ সন্মিলন । দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই সন্মিলন । ভাৰতত অনুষ্ঠিত হোৱা পি-২০ সন্মিলনত পান আফ্ৰিকান সংসদৰ সভাপতিয়ে অংশগ্ৰহণ কৰিব ।

এই সন্মিলনত অংশগ্ৰহণ কৰিব ব্ৰাজিলৰ চেম্বাৰ অৱ ডেপুটিজৰ সভাপতি আৰ্থাৰ চেজাৰ পেৰেইৰা ডি লিৰা, হাউছ অৱ কমনছৰ অধ্যক্ষ লিণ্ডচে হয়ল, পান আফ্ৰিকান ইউনিয়নৰ সভাপতি ড৹ আচেবিৰ ডব্লিউ গায়ো ।

ইতিমধ্যে এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে ৰাজ্য পৰিষদৰ অধ্যক্ষ ওমান শ্বেইখ আব্দুলমালিক আব্দুল্লা আল খালিলি আৰু আই পি ইউৰ সভাপতি ডুয়াৰ্টে পাচেকো ।

ইফালে বাংলাদেশৰ সংসদৰ অধ্যক্ষ ড৹ শ্বিৰিন শৰ্মিন চৌধুৰী ১০ অক্টোবৰত উপস্থিত হয় । ‘বসুধৈৱ কুটুম্বকম – এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ’ৰ দৰ্শন মানি চলি এই সন্মিলনত বিশ্ব ঐক্য আৰু সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে । ইয়াত আমাৰ পৃথিৱীখন যে এক আন্তঃসংযোগী পৰিয়াল আৰু আজি আমাৰ সামূহিক কাৰ্যই সকলোৰে ভৱিষ্যত গঢ় দিয়ে, সেই ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে(PM Modi to inaugurate G20 Parliamentary Speakers summit on October 13) ।

এই সন্মিলনত আলোচনা কৰা হ’ব এছডিজি ২০৩০ ৰ সমসাময়িক প্ৰাসংগিক তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত । নৱম পি-২০ সন্মিলনৰ পূৰ্বে ১২ অক্টোবৰত লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী) সম্পৰ্কীয় সংসদীয় মঞ্চ অনুষ্ঠিত হ’ব । অহা ১৩-১৪ অক্টোবৰত অনুষ্ঠিত হ’ব মূল অনুষ্ঠান ।

লগতে পঢ়ক : Money Laundering Case : প্ৰাক্তন মন্ত্ৰীৰ ধন সৰবৰাহৰ গোচৰৰ বিৰুদ্ধে ১৬ অক্টোবৰত ৰায়দান দিব আদালতে