Drugs seized in Guwahati : পুনৰ মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা; ইন্ধন পৰিবাহী টেংকাৰৰ পৰা জব্দ গাঞ্জা
নিউজ ডেস্ক, ১১অক্টোবৰ : পুনৰ মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা । এইবাৰ বশিষ্ঠত জব্দ গাঞ্জা । ইন্ধন পৰিবাহী টেংকাৰত সৰবৰাহৰ চেষ্টা গাঞ্জা(Drugs seized in Guwahati) ।
ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । প্ৰতিদিনে ৰাজ্যৰ পৰা সৰবৰাহৰ হৈ আছে নিচাজাতীয় সামগ্ৰীৰ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । একাংশ যুৱ প্ৰজন্ম ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ আসক্তৰ সংখ্যা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে নিচাজাতীয় সামগ্ৰীৰ আসক্তি।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
মঙলবাৰে বশিষ্ঠত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা । গাঞ্জা সৰবৰাহকাৰীৰ এইবাৰ নতুন কৌশল । ইন্ধন পৰিবাহী টেংকাৰত গাঞ্জা সৰবৰাহৰ চেষ্টা দুষ্ট চক্ৰৰ। মঙলবাৰে নিশা বশিষ্ঠ আৰক্ষী আৰু পল্টন বজাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই এই অভিযানত বশিষ্ঠত জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা । লগতে গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক । গাঞ্জাখিনিৰ মূল্য কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
জানিব পৰা মতে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে এই অভিযান চলাইছিল । উক্ত খবৰৰ পম খেদি বশিষ্ঠ আৰক্ষী আৰু পল্টনবজাৰ আৰক্ষীয়ে নিশা যুটীয়াভাৱে অভিযান চলাই এখন তেল পৰিবাহী টেংকাৰ জব্দ কৰে গাঞ্জাখিনি । ভাৰত পেট্ৰ’লিয়ামৰ ইন্ধন কঢ়িওৱা টেংকাৰখন পৰীক্ষা কৰাত ভিতৰৰ পৰা উদ্ধাৰ কৰে পেকেটে পেকেটে গাঞ্জা । তেলৰ টেংকাৰৰ ভিতৰত গোপন চেম্বাৰ বনাই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি কঢ়িয়াই আনিছিল সৰবৰাহকাৰীয়ে । NL 01 AH 0501 নম্বৰৰ টেংকাৰখনেৰে শিলচৰৰ পৰা বঙাইগাঁওলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে গুৱাহাটীত জব্দ কৰা হয় টেংকাৰখন । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে টেংকাৰখনৰ ড্ৰাইভাৰ কাচিম আলী আৰু মুকুট আলীক ।